নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন গ’লেই যৌন সম্পর্কত লিপ্ত হ’ব লাগে পুৰুষ–মহিলাই

🔹 জনসংখ্যা বৃদ্ধিৰ বাবে দেশবাসীক পৰামর্শ পুটিনৰ

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : আঢ়ৈ বছৰ অতিক্রম কৰিলেও বন্ধ হোৱা নাই কামানৰ গর্জন৷ ৰাছিয়া–ইউক্রেইন যুদ্ধত চলি আছে ৰক্তপাত৷ এই ৰক্তক্ষয়ী সংঘাতৰ প্রভাৱ পৰিছে ৰাছিয়াৰ জনসংখ্যাত৷ দ্রুতগতিত কমি আহিছে জন্মৰ হাৰ৷ ইয়াৰ অন্তৰালত অন্য এটা কাৰণ হৈছে কামৰ চাপ৷ এই সমস্যাৰ সমাধান কৰিবলৈ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে দেশবাসীক দিলে অভিনৱ পৰামর্শ৷ ৰাষ্ট্রপতিগৰাকীয়ে পৰামর্শ দিলে যে কামৰ বিৰতিৰ সময়ত বা কফী খোৱাৰ মাজত যেতিয়াই মন যায় তেতিয়াই লিপ্ত হ’ব লাগিব যৌনক্রিয়াত৷ শেহতীয়া এক প্রতিবেদনত প্রকাশ পাইছে যে ইউক্রেইনৰ সৈতে চলি থকা যুদ্ধৰ বাবে ৰাছিয়াৰ জনসংখ্যা হ্রাস পাইছে৷ যুদ্ধৰ বাবে লাখ লাখ নাগৰিকে দেশ এৰি পলায়ন কৰিছে৷ পলায়ন কৰা নাগৰিকসকলৰ গৰিষ্ঠসংখ্যকেই তৰুণ–তৰুণী৷ ৰাছিয়াত বর্তমান জন্মৰ হাৰ ১.৫ শতাংশ৷ জনসংখ্যালৈ সুস্থিৰতা আনিবলৈ প্রয়োজন ২.১ শতাংশ৷ গতিকে এই বিষয়টোক লৈ উদ্বিগ্ণ ৰাষ্ট্রপতি পুটিন৷ সেইবাবে সমাধানৰ পথ বিচাৰি উলিয়ালে ৰাষ্ট্রপতিগৰাকীয়ে৷ দেশৰ জনগণক দিলে ইয়াৰ নিদান৷ উল্লেখনীয় যে কামৰ চাপৰ বাবে জন্মৰ হাৰ হ্রাস পোৱা বুলি উঠা অভিযোগ মানি ল’ব নোখোজে পুটিন আৰু স্বাস্থ্যমন্ত্রী য়েভজেনি চেষ্টোপলভে৷ কামৰ চাপৰ বাবে যৌন সম্পর্কত কেতিয়াও বাধা আহি নপৰে বুলি স্বাস্থ্যমন্ত্রীগৰাকীয়ে দাবী কৰিছে৷ দেশৰ স্বার্থত জন্মৰ হাৰ বৃদ্ধি কৰিব লাগিব বুলি পুৰুষ–মহিলাসকলক এই বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাইছে পুটিনে৷ লক্ষণীয়ভাৱে চলিত বর্ষৰ প্রথম ভাগত ৰাছিয়াত শিশু জন্মৰ হাৰ অতি নিম্ন হিচাপে চিহ্ণিত হৈছে৷ ২৫ বছৰৰ ভিতৰত অভাৱনীয়ভাৱে জন্মৰ হাৰ হ্রাস পাইছে দেশখনত৷

You might also like