নিয়ন্ত্রণ হেৰুৱাইছে পুটিনে
🔹 পুনৰ সেনা কমাণ্ডাৰৰ ‘বিদ্রোহ’
বিশেষ বাৰ্তা, ১৮ জুলাই : সেনাৰ ওপৰত থকা নিয়ন্ত্রণ হেৰুৱাইছে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে। ৱাগনাৰ বাহিনীৰ বিদ্রোহৰ পিছত ইউক্রেইন যুদ্ধক লৈ এইবাৰ ‘বিদ্রোহী’ হ’ল ৰুছ সেনাৰ শীর্ষ কমাণ্ডাৰ মেজৰ জেনেৰেল ইভান পোপোভ ৷ আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি, শেহতীয়াকৈ ইউক্রেইনত ৰুছ সেনাৰ দুর্দশাক লৈ মন্তব্য কৰিছে মেজৰ জেনেৰেল ইভান পোপোভে ৷ ইয়াৰ পিছতে শীর্ষ সেনা কমাণ্ডাৰগৰাকীক পদৰ পৰা অপসাৰণ কৰা হৈছে ৷ ইউক্রেইনৰ দক্ষিণ জাপৰিঝিয়া অঞ্চলত ৰুছ সেনাৰ ৫৮সংখ্যক সশস্ত্র বাহিনীৰ নেতৃত্বত আছিল পোপোভ ৷ এক অডিঅ’ বার্তাত ইউক্রেইনত ৰুছ সৈনিকসকলৰ দুর্দশাৰ কথা উল্লেখ কৰা শুনিবলৈ পোৱা গৈছিল শীর্ষ সেনা কমাণ্ডাৰগৰাকীয়ে ৷ ইয়াৰ পিছতে পোপোভক অপসাৰণ কৰা হৈছে ৷ শীর্ষ সেনা কমাণ্ডাৰগৰাকীয়ে অভিযোগ কৰা অনুসৰি, প্রতিৰক্ষামন্ত্রী ছের্গেই ছৈগু আৰু সেনাপ্রধান ভালেৰি গেৰাছিমভে তেওঁক ষড়যন্ত্র কৰি অপসাৰণ কৰিছে ৷