নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীক ৰাছিয়াৰ সর্বোচ্চ অসামৰিক সন্মান প্রদান পুটিনৰ

🔹 অর্ডাৰ অৱ ছেইণ্ট এণ্ড্রিউ দ্য এপষ্টল

বিশেষ বাৰ্তা, ১০ জুলাই : ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক ৰাছিয়াৰ সর্বোচ্চ অসামৰিক সন্মান ‘অর্ডাৰ অৱ ছেইণ্ট এণ্ড্রিউ দ্য এপষ্টল’ আনুষ্ঠানিকভাৱে অর্পণ কৰে দেশখনৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত অভাৱনীয় অৱদান আগবঢ়োৱাৰ বাবে প্রধানমন্ত্রী মোদীক এই সর্বোচ্চ অসামৰিক সন্মান প্রদান কৰা হয়৷ পৰহি দুদিনীয়া ভ্রমণসূচীৰে মস্কোত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে কেইবাটাও কার্যসূচীত অংশগ্রহণ কৰাৰ পাছত কালি বিয়লি ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ দুয়ো দেশৰ সম্পর্ক অধিক শক্তিশালী আৰু উন্নীত কৰাৰ লক্ষ্যৰে ৰাষ্ট্রপতি পুটিন আৰু প্রধানমন্ত্রী মোদীৰ মাজত কেইবাটাও গুৰুত্বপূর্ণ বিষয়ক লৈ আলোচনা হয়৷ আলোচনাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে ইউক্রেইনৰ প্রসংগ প্রত্যক্ষভাৱে উল্লেখ নকৰিলেও যুদ্ধ ক্ষেত্রত সংঘাতৰ কোনো সমাধান নাই বুলি ৰাষ্ট্রপতি পুটিনক অৱগত কৰি আলোচনা আৰু কূটনীতিৰ মাজেৰেহে শান্তি আহিব বুলি কয়৷ তদুপৰি শান্তি পুনৰ ঘূৰাই অনাৰ ক্ষেত্রত সহযোগিতা কৰাৰ বাবে ভাৰত সাজু বুলি ৰাষ্ট্রপতি পুটিনক প্রতিশ্রুতি দিয়ে প্রধানমন্ত্রী মোদীয়ে৷ এই বৈঠকৰ সময়ত প্রতিৰক্ষাৰ পৰা বাণিজ্যলৈকে বিভিন্ন বিষয়ক লৈ দুয়োগৰাকী নেতাই আলোচনা কৰে৷ আনপিনে, ভাৰতত বিগত দিন ধৰি চলি অহা সন্ত্রাসবাদী কার্যকলাপত উদ্বিগ্ণতা প্রকাশ কৰে ৰাষ্ট্রপতি পুটিনে৷ কালি বিয়লি অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত দুয়োগৰাকী নেতাই দুয়ো দেশৰ মাজৰ সম্পর্ক অধিক উন্নীত কৰাৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব দিয়ে৷ ইপিনে, পৰহি ৰাষ্ট্রপতি পুটিনে আয়োজন কৰা ব্যক্তিগত নৈশভোজৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাছিয়াৰ হৈ ইউক্রেইনত যুদ্ধ কৰি থকা ভাৰতীয় লোকসকলক মুকলি কৰি দিয়াৰ ক্ষেত্রত পুটিনক আহ্বান জনায়৷ প্রধানমন্ত্রী মোদীৰ এই আহ্বানক ৰাষ্ট্রপতি পুটিনে অতি গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ ভাৰতৰ বৈদেশিক মন্ত্রালয়ে প্রকাশ কৰা মতে ৰাছিয়াই প্রধানমন্ত্রী মোদীৰ আহ্বানৰ প্রতি সন্মান জনাই ভাৰতীয় নাগৰিকক এই যুদ্ধৰ পৰা ৰেহাই দিয়াৰ আশ্বাস দিছে৷ পৰহি নৈশভোজৰ সময়তে ৰাষ্ট্রপতি পুটিনে প্রধানমন্ত্রী মোদীক তৃতীয়বাৰৰ বাবে নির্বাচিত হোৱাক লৈ অভিনন্দন জ্ঞাপন কৰি তেওঁৰ নেতৃত্বত ভাৰতৰ অর্থনীতি বিকশিত হৈছে বুলি প্রশংসা কৰে৷ ইপিনে, কালি প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতি পুটিনৰ সৈতে একেখন গাড়ীৰে গ’ল্ফ ক’ৰ্টলৈ যায়৷ ৰাষ্ট্রপতি পুটিনৰ সৈতে প্রধানমন্ত্রী মোদীয়ে দেশখনৰ গুৰুত্বপূর্ণ পাৰমাণৱিক প্রকল্প পৰিদর্শন কৰে৷ পাৰমাণৱিক সহযোগিতা আৰু বৈজ্ঞানিক কৃতিত্বৰ ক্ষেত্রখনত ভাৰত আৰু ৰাছিয়াই একেলগে কাম কৰাৰ ক্ষেত্রত এই পাৰমাণৱিক প্রকল্প পৰিদর্শনে নতুন গতি দিব পাৰে বুলিও প্রধানমন্ত্রী মোদীয়ে আশা ব্যক্ত কৰিছে৷

You might also like