নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলুচিস্তানৰ বিস্ফোৰণত জড়িত আছিল ‘ৰ’

🔹 পাকিস্তানৰ গৃহমন্ত্রী ছৰফৰাজৰ দাবীক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা, ১ অক্টোবৰ : পাকিস্তানৰ বেলুচিস্তানত সংঘটিত বিস্ফোৰণৰ ঘটনাত জড়িত আছে ভাৰতৰ গুপ্তচৰ সংস্থা ‘ৰ’ । এই চাঞ্চল্যকৰ দাবী কৰিলে দেশখনৰ তদাৰকী চৰকাৰে ৷ কালি পাকিস্তানৰ গৃহমন্ত্রী ছৰফৰাজ বুগতিয়ে বেলুচিস্তানৰ ৰাজধানী কোৱেট্টা ভ্রমণ কৰি দাবী কৰে যে ভাৰতীয় গুপ্তচৰ সংস্থা ‘ৰ’ এই আত্মঘাতী বিস্ফোৰণ কাণ্ডত জড়িত হৈ আছে ৷ প্রশাসন, সেনা তথা অন্য সকলো নিৰাপত্তা সংস্থাই যৌথভাৱে এই বিস্ফোৰণত জড়িত থকা ষড়যন্ত্রকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ তৎপৰতা লৈছে বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে ৷ মন্ত্রীগৰাকীৰ এই মন্তব্যক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া ৷ অৱশ্যে ভাৰতৰ তৰফৰ পৰা এই সন্দর্ভত তাৎক্ষণিক কোনো প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷ পূর্বেও পাকিস্তানৰ অভ্যন্তৰত হোৱা বহু বিস্ফোৰণত ‘ৰ’ জড়িত থকা বুলি দেশখনৰ চৰকাৰ আৰু চোৰাংচোৱাই দাবী কৰি আহিছে ৷ কিন্তু প্রতিবাৰে এই দাবীক অগ্রাহ্য কৰিছে ভাৰতে ৷

You might also like