বিশ্বকাপত চমক সৃষ্টিকাৰী ৰাচিন ৰবীন্দ্ৰৰ আইপিএলৰ ভিত্তিমূল্য নিৰ্ধাৰণ
বিশেষ বাৰ্তা, ২ ডিচেম্বৰঃ শেহতীয়াকৈ খেলা এদিনীয়া বিশ্বকাপ ২০২৩ত নিউজিলেণ্ডৰ যুৱ অলৰাউণ্ডাৰ ৰাচিন ৰবীন্দ্ৰই অতি ভাল প্ৰদৰ্শন আগবঢ়াইছিল। কিৱি অলৰাউণ্ডাৰৰ বেটৰ পৰা দেখা গ’ল তিনিটা শতক। প্ৰতিযোগিতাখনৰ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল তেওঁ। এতিয়া তথ্য পোহৰলৈ আহিছে যে আই পি এল ২০২৪ৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিলামৰ বাবে ৰাচিনৰ ভিত্তি মূল্য নিৰ্ধাৰণ কৰা হৈছে। ‘ESPNcricinfo’ৰ প্ৰতিবেদন অনুসৰি আই পি এল ২০২৪ৰ নিলামৰ বাবে ৰাচিন ৰবীন্দ্ৰৰ ভিত্তি মূল্য ৫০ লাখ টকাত ৰখা হৈছে। এতিয়া এই বেচ প্ৰাইচেৰে তেওঁ কিমানত বিক্ৰী হয় আৰু কোনটো দলে তেওঁক কিনে সেয়া চাবলৈ আগ্ৰহী হ’ব। ২৪ বছৰীয়া ৰাচিনৰ পিতৃ বেংগালুৰুৰ বাসিন্দা আছিল। এনে পৰিস্থিতিত বেংগালুৰু দলে তেওঁক কিনিব পাৰিবনে? এইটো চাবলগীয়া কথা হ’ব। ২০২৩ চনত ৰাচিনে প্ৰথমটো এদিনীয়া বিশ্বকাপ খেলিছিল, য’ত তেওঁ ১০খন মেচৰ ১০ ইনিংছত গড়ে ৬৪.২২ আৰু ষ্ট্ৰাইক ৰেটত ৫৭৮ ৰান সংগ্ৰহ কৰি সকলোৰে দৃষ্টি কাঢ়িছিল। এই সময়ছোৱাত ৰাচিনে ৩টা শতক অৰ্জন কৰি সকলোৰে হৃদয় জয় কৰিছিল। ইফালে কিৱি খেলুৱৈগৰাকীয়ে ৫৫টা চাৰি আৰু ১৭টা ছয় মাৰিছিল। ইতিমধ্যে বিশ্বকাপত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৰাচিনে। ৰাচিনে নিউজিলেণ্ডৰ হৈ তিনিওটা ফৰ্মেটতে ক্ৰিকেট খেলে। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটোৱা ৰাচিন ৰবীন্দ্ৰই এতিয়ালৈকে ৩খন টেষ্ট, ২২খন এদিনীয়া আৰু ১৯খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।
#বাৰ্তা ডেস্ক