ফ্রেন্স অ’পেন কর্তৃপক্ষই সম্বর্ধনা জনাব ৰাফেল নাডালক
🔹 ২৫ মে’ত নাডালৰ সন্মানত এক বৃহৎ অনুষ্ঠান
নিউজ ডেস্ক, ২০ এপ্রিল : ফ্রেন্স অ’পেন কর্তৃপক্ষই কিংবদন্তি টেনিছ খেলুৱৈ ৰাফেল নাডালক বিশেষ সম্বর্ধনা জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ পৰৱর্তী প্রতিযোগিতা আৰম্ভ হোৱাৰ পূর্বে ১৪বাৰৰ চেম্পিয়নগৰাকীক সম্বর্ধনা জনোৱা হ’ব৷ ২৫ মে’ত নাডালৰ সন্মানত এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হ’ব৷ পৰৱর্তী ফ্রেন্স অ’পেন ২৫ মে’ৰ পৰা আৰম্ভ হ’ব৷ উক্ত দিনা মেচ আৰম্ভ হোৱাৰ পূর্বে নাডালক ফিলিপ ছাণ্টিয়াৰৰ ক’ৰ্টত আদৰণি জনোৱা হ’ব৷ ফ্রেন্স অ’পেন কর্তৃপক্ষই যোৱাবাৰ নাডালক আদৰণি জনাব বিচাৰিছিল৷ কিন্তু স্পেনিছ টেনিছ খেলুৱৈগৰাকীয়ে এই প্রস্তাৱ নাকচ কৰিছিল৷ আঘাতৰ পৰা আৰোগ্য লাভ কৰি তেওঁ প্রতিযোগিতাত প্রৱেশ কৰে৷ যোৱা বছৰৰ অলিম্পিকৰ পিছত নৱেম্বৰ মাহত ডেভিছ কাপৰ এখন মেচ খেলি টেনিছৰ পৰা অৱসৰ গ্রহণ কৰিছিল নাডালে৷ এইবাৰ তেওঁ ফ্রেন্স অ’পেনৰ আয়োজকৰ প্রস্তাৱত সন্মতি প্রকাশ কৰে৷ ফ্রেন্স অ’পেনৰ পৰিচালক এমিলি মাডৰেচমোৱে নাডালৰ বাবে সম্বর্ধনা জনোৱাৰ কথা ঘোষণা কৰে৷ গ্রেণ্ডশ্লামৰ প্রাক্তন চেম্পিয়নগৰাকীয়ে কয় যে নাডালে ফ্রেন্স অ’পেনৰ ইতিহাসত নিজৰ অধ্যায়ৰ সৃষ্টি কৰিছে৷ তেওঁ যি চাপ পেলাইছিল সেয়া অনস্বীকার্য৷ গতিকে তেওঁৰ সন্মানত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ আমি নাডালক অভিনন্দন জনাহছোঁ৷ এই অনুষ্ঠানে সকলোকে আচৰিত কৰি তুলিব৷’ তেওঁ লগতে কয়- ‘যোৱা বছৰ আমি নাডালক আদৰি ল’ব বিচাৰিছিলোঁ৷ তেওঁ মান্তি নহ’ল৷ এতিয়া অৱসৰ লৈছে নাডালে৷ তেওঁলোকে আমাৰ প্রস্তাৱটো আনন্দৰে গ্রহণ কৰিলে৷’ যোৱা বছৰ ফ্রেন্স অ’পেনৰ প্রথম ৰাউণ্ডত আলেকজেণ্ডাৰ জেৰেভৰ হাতত পৰাস্ত হৈছিল নাডাল৷