নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গংগা এক্সপ্রেছত ৰাফেল-মিগ ২৯ৰ অনুশীলন

🔹 যুদ্ধৰ বাবে সাজু বায়ুসেনাও

নিউজ ডেস্ক, ৩ মে’ : গংগা এক্সপ্রেছত ৰাফেল-মিগ ২৯ৰ অনুশীলন চলালে ভাৰতীয় বায়ুসেনাই। ভাৰত–পাকিস্তানৰ মাজত পেহেলগামৰ সন্ত্রাসবাদী কাণ্ডক লৈ যুদ্ধৰ আশংকা ঘনীভূত হোৱাৰ মাজতে ভাৰতৰ নৌসেনা আৰু বায়ুসেনাই সমৰ প্রস্তুতি চলোৱা দেখিবলৈ গৈছে৷ ইতিমধ্যে আৰব সাগৰত নৌসেনাই ৰণতৰীৰ পৰা ক্ষেপণাস্ত্র উৎক্ষেপণ কৰি যুদ্ধৰ বাবে শক্তি পৰীক্ষা কৰিছে৷ স্থলসেনাই বিভিন্ন স্থানত পাক বিমানৰ আক্রমণ প্রতিৰোধ কৰিব পৰা প্রযুক্তিৰ ব্যৱহাৰৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷ এইবাৰ বায়ুসেনাই উত্তৰ প্রদেশৰ ছাহজাহানপুৰত থকা গংগা এক্সপ্রেছৱেত সমৰকালীন অনুশীলন চলাই যুদ্ধৰ বাবে যে বায়ুসেনাও সাজু, সেই কথাৰে প্রমাণ দাঙি ধৰিলে৷ ৩.৫ কিলোমিটাৰ দৈর্ঘ্যৰ এয়াৰষ্ট্রীপত দিন আৰু নিশাৰ ভাগত কেনেদৰে বায়ুসেনাৰ যুদ্ধ বিমানে উৰণ আৰু অৱতৰণ কৰিব পাৰিব, তাক লৈ কালি পৰীক্ষা চলোৱা হ’ল৷ লক্ষণীয়ভাৱে কালি অত্যাধুনিক যুদ্ধ বিমান ৰাফেলৰ উৰণ আৰু অৱতৰণ দেখিবলৈ পোৱা গ’ল গংগা এক্সপ্রেছৱেৰ এই এয়াৰষ্ট্রীপৰ পৰা ৷ অকল ৰাফেলেই নহয়, বায়ুসেনাৰ ‘মিগ ২৯’, ‘মিৰেজ ২০০০’ আদি অত্যাধুনিক যুদ্ধ বিমানৰ উৰণ আৰু অৱতৰণ দেখিবলৈ পোৱা গ’ল এই এক্সপ্রেছৱেত৷ জৰুৰীকালীন অৱস্থাত দেশৰ এই ৰাষ্ট্রীয় ঘাইপথক কেনেদৰে বিমানঘাটি হিচাপে ব্যৱহাৰ কৰিব পৰা যায়, তাৰ এক পৰীক্ষামূলক অনুশীলনো আছিল কালিৰ এই বায়ুসেনাৰ শক্তি পৰীক্ষা৷ লক্ষণীয়ভাৱে গংগা এক্সপ্রেছৱেৰ এয়াৰষ্ট্রীপত ৰাফেল, মিগ–২৯, মিৰেজ–২০০০ৰ উপৰি ছুখই–৩০, এমকেআই, জাগুৱাৰ, চি ১৩০ জে ছুপাৰ হার্কিউলিছ, এএন ৩২, এমআই ১৭, হেলিকপ্টাৰ আদিৰো অনুশীলন চলোৱা হয়৷ স্মর্তব্য যে উত্তৰ প্রদেশৰ মুঠ চাৰিটা এক্সপ্রেছৱেত এনেদৰে জৰুৰীকালীন অৱস্থাত বিমানঘাটি হিচাপে ব্যৱহাৰৰ বাবে এয়াৰষ্ট্রীপৰ ব্যৱস্থা কৰা হৈছে৷ ইফালে, পাকিস্তানৰ সৈতে ভাৰতে আৰম্ভ কৰি দিছে একপ্রকাৰ ডিজিটেল যুদ্ধ৷ এইবাৰ কেন্দ্রীয় চৰকাৰে পাক প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফৰ ইউটিউব চেনেলত প্রতিৰোধ লগোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ পাক প্রধানমন্ত্রীৰ ইউটিউব চেনেলৰ পৰা সঘনে ভাৰতবিৰোধী আৰু উচটনিমূলক ভিডিঅ’ পোষ্ট কৰা হৈছে বুলি অভিযোগ আনিছে চৰকাৰে৷ গৃহ মন্ত্রালয়ৰ নির্দেশত এইবাৰ কেন্দ্রীয় চৰকাৰে শ্বেহৱাজ শ্বৰীফৰ এই ইউটিউব চেনেল বন্ধ কৰি দিছে৷ লক্ষণীয়ভাৱে ইতিমধ্যে পাকিস্তানৰ বহু ইউটিউব চেনেল বন্ধ কৰিছে ভাৰতে৷ ইফালে, পেহেলগামৰ আক্রমণৰ ঘটনাৰ তদন্তৰ দায়িত্ব গ্রহণ কৰা ৰাষ্ট্রীয় তদন্তকাৰী সংস্থা (নিয়া)ৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে কাশ্মীৰত পর্যটকক হত্যাৰ পৰিকল্পনা গ্রহণ কৰা হৈছিল৷ কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা আৰু পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে মিলি যৌথভাৱে এই নৰসংহাৰৰ পৰিকল্পনা চলাইছিল বুলিও নিয়াই তথ্য লাভ কৰিছে৷ অকল সেয়াই নহয়, পেহেলগামৰ উপৰি কাশ্মীৰৰ অন্যান্য পর্যটনস্থলীতো অনুৰূপ আক্রমণৰ পৰিকল্পনা চলোৱা হৈছিল বুলি নিয়াৰ তদন্তত পোহৰলৈ আহিছে তথ্য৷ ইফালে, পেহেলগামৰ আক্রমণৰ ঘটনাত সমীপৱর্তী কেইবাটাও স্থানৰ ২০জনতকৈ অধিক স্থানীয় লোকে সন্ত্রাসবাদীক সহায় কৰিছিল বুলি নিয়াই অভিযোগ আনিছে৷ অৱশ্যে এতিয়ালৈকে স্থানীয় এই সন্ত্রাসবাদীৰ সহযোগী লোকসকলৰ পৰিচয় সদৰী কৰা নাই তদন্তকাৰী সংস্থাটোৱে৷

You might also like