নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখৰ মানুহৰ মাটি চীনে কঢ়াৰ অভিযোগ ৰাহুলৰ

বিশেষ বাৰ্তা, ২০ আগষ্ট : হিল কাউন্সিলৰ নির্বাচনৰ কেইদিনমান পূর্বেই লাডাখত উপস্থিত হোৱা কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিছে৷ ৰাহুলে অভিযোগ কৰে যে লাডাখৰ মানুহৰ ভূমি কাঢ়ি নিছে চীনে৷ কিন্তু প্রধানমন্ত্রীয়ে কৈ আছে এক ইঞ্চিও ভূমি চীনে নিব পৰা নাই৷ ভাৰত জোড়ো যাত্রাত দক্ষিণ ভাৰতৰ পৰা কাশ্মীৰলৈ পদযাত্রা কৰিছিল ৰাহুলে৷ এইবাৰ পুনৰ নেতাগৰাকীয়ে জনসংযোগ কৰিছে লাডাখত৷ লক্ষণীয়ভাৱে ৰাহুল গান্ধীয়ে লাডাখৰ পাংগং হ্রদৰ তীৰত পিতৃ প্রয়াত ৰাজীৱ গান্ধীক জন্ম দিৱসত শ্রদ্ধাঞ্জলিও জ্ঞাপন কৰে৷ লাডাখৰ বিভিন্ন স্থান ভ্রমণ কৰিব কংগ্রেছ নেতাগৰাকীয়ে৷ সাংসদ পদ ওভতাই পোৱাৰ পিছতে ৰাজনৈতিক ক্ষেত্রখনত ৰাহুল গান্ধী অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে৷ লাডাখত চীনৰ আগ্রাসনৰ অভিযোগ তুলি ৰাহুল গান্ধীয়ে কয় যে মোদী চৰকাৰে দেশবাসীৰ ওচৰত সঁচা কথা কোৱা নাই৷ লাডাখলৈ আহি স্থানীয় বাসিন্দাসকলক সুধিলে প্রত্যেকেই প্রকৃত সত্য জানিব পাৰিব বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে৷

You might also like