নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণৰ ‘যোগ্য’ নহয় ৰাহুল গান্ধী-প্ৰিয়ংকা’

বিশেষ বাৰ্তা, ৪ জানুৱাৰী : ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানলৈ ৩ কংগ্ৰেছ নেতাক আমন্ত্ৰণ জনোৱা হৈছে। সেই তালিকাত ৰাহুল গান্ধী বা প্ৰিয়ংকা গান্ধীৰ নাম নাই। গান্ধী পৰিয়ালৰ ৩জন সদস্যৰ ভিতৰত কেৱল ছোনিয়া গান্ধীকহে আমন্ত্ৰণ জনোৱা হৈছে। ছোনিয়া গান্ধীৰ উপৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, অধীৰ ৰঞ্জন চৌধুৰীলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। কিন্তু কংগ্ৰেছৰ শীৰ্ষ নেতা হোৱাৰ পিছতো ৰাহুল গান্ধী বা প্ৰিয়ংকাক কিয় আমন্ত্ৰণ জনোৱা নহ’ল, তাক লৈ বিৰোধীৰ কিছুসংখ্যকে প্ৰশ্ন উত্থাপন কৰে। ৰাহুল-প্ৰিয়ংকাক ইচ্ছাকৃতভাৱে মহাযজ্ঞৰ পৰা আঁতৰাই ৰখা হৈছে নেকি বুলি প্ৰশ্ন কৰে? ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে এই অভিযোগ অস্বীকাৰ কৰে। ট্ৰাষ্টৰ মতে, ৰাজনৈতিক অতিথিক যি চৰ্তত আমন্ত্ৰণ জনোৱা হয়, সেই চৰ্তত ৰাহুল-প্ৰিয়ংকাক আমন্ত্ৰণ জনোৱাৰ ‘যোগ্য’ নহয়। ট্ৰাষ্টৰ সূত্ৰ অনুসৰি, ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত কেৱল স্বীকৃতিপ্ৰাপ্ত প্ৰথম পৰ্যায়ৰ ৰাজনৈতিক দলসমূহৰ সভাপতি আৰু লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধী দলৰ নেতাসকলকহে আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ বাহিৰেও ৰাম মন্দিৰ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাসকলে নিমন্ত্ৰণ লাভ কৰিছে। সেই চৰ্ত অনুসৰি কংগ্ৰেছৰ সভাপতি খাৰ্গেই নিমন্ত্ৰণ লাভ কৰিছে। কংগ্ৰেছৰ সংসদীয় সমিতিৰ মুৰব্বী হিচাপে ছোনিয়া গান্ধীক আমন্ত্ৰণ জনোৱা হৈছে। অধীৰ ৰঞ্জন চৌধুৰীক লোকসভাত বিৰোধী দলৰ নেতা হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। এই চৰ্তত ৰাহুল গান্ধী বা প্ৰিয়ংকা গান্ধী যোগ্য নহয়। ট্ৰাষ্টৰ অন্যতম নেতা তথা বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰী সভাপতি আলোক কুমাৰে স্পষ্টভাৱে কৈছে যে ৰাম মন্দিৰ আন্দোলনত যিসকল সক্ৰিয় আছিল, তেওঁলোকে এই সুবিধা লাভ কৰিব পাৰে।

You might also like