নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীয়ে ভাল পায় কেৱল ইটালী–নৰেন্দ্র মোদীক !

🔹 কংগ্রেছ নেতাক কটাক্ষ ওৱেইছিৰ

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : ৰাহুল গান্ধীয়ে কেৱল ইটালী আৰু নৰেন্দ্র মোদীক ভাল পায় ! নিজকে প্রবল মোদীবিৰোধী বুলি দাবী কৰা এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে এইদৰে কটাক্ষ কৰিলে কংগ্রেছ নেতাগৰাকীক৷ অকল সেয়াই নহয়, ৰাহুলৰ সমালোচনাত সৰৱ হৈ পৰা ওৱেইছিয়ে উল্লেখ কৰে যে ৰাহুলে বিয়া কৰোৱা উচিত, কাৰণ তেওঁৰ ৫০ বছৰ উকলি গৈছে৷ তেলেংগানাত নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্রেছৰ সৈতে ওৱেইছিৰ তিক্ততা বৃদ্ধি পাইছে৷ উল্লেখনীয় যে হায়দৰাবাদৰ সাংসদ ওৱেইছিক এইবাৰ তীব্র চাপত পেলাইছে কংগ্রেছে৷ ৰাহুল গান্ধীয়ে তেলেংগানাৰ প্রচাৰত উল্লেখ কৰিছিল যে ওৱেইছিৰ দুজন মাত্র বন্ধু– এজন প্রধানমন্ত্রী মোদী, আনজন তেলেংগানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাও৷ ইয়াৰ প্রত্যুত্তৰ দিবলৈ গৈ ওৱেইছিয়ে ৰাহুলক তীব্র কটাক্ষ কৰিলে৷

You might also like