নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপৰ ছুপাৰ ৮ৰ একাধিক মেচত বৃষ্টিৰ সম্ভাৱনা

🔹 ২০ জুনত ভাৰত–আফগানিস্তানৰ খেলৰ দিনা বৰষুণৰ সম্ভাৱনা কম

বিশেষ বাৰ্তা, ১৮ জুন : টি–২০ বিশ্বকাপৰ গ্রুপ পর্যায়ৰ কেইবাখনো মেচ বৰষুণৰ বাবে পৰিত্যক্ত হয়৷ কিছুমান মেচ অভাৰ হ্রাস কৰি শেষ কৰিবলগীয়া হৈছিল৷ কিছুমান মেচ সময় মতে সম্পূর্ণ কৰিব পৰা নাছিল৷ ছুপাৰ এইট পর্যায় আৰম্ভ হোৱাৰ পূর্বে ৱেষ্ট ইণ্ডিজৰ বতৰে আন্তর্জাতিক ক্রিকেট পৰিষদৰ বিষয়াসকলক চিন্তিত কৰি তুলিছে৷ টি–২০ বিশ্বকাপৰ ছুপাৰ এইট পর্যায়ৰ সকলো মেচ ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব৷ বার্বাডোজ, ছেইণ্ট লুচিয়া, ছেইণ্ট ভিনচেণ্ট আৰু এণ্টিগুৱাত অনুষ্ঠিত হ’ব৷ এই চাৰিটা স্থানৰ বতৰৰ আগজাননীৰ ওপৰত চকু ৰাখিছে আই চি চিৰ বিষয়াসকলে৷ বার্বাডোজত তিনিখন ছুপাৰ এইট মেচৰ লগতে অনুষ্ঠিত হ’ব ফাইনেল মেচ৷ ২০ জুনত ভাৰত–আফগানিস্তানৰ খেলৰ দিনা বৰষুণৰ সম্ভাৱনা নাই৷ অৱশ্যে বাকী তিনিখন মেচৰ দিনা বৰষুণৰ আগজাননী দিয়া হৈছে৷ ২২ জুনত আমেৰিকা–ৱেষ্ট ইণ্ডিজৰ খেল অনুষ্ঠিত হোৱাৰ দিনা ৪০ শতাংশ আৰু ২৪ জুনত আমেৰিকা–ইংলেণ্ডৰ খেলৰ দিনা ৫৪ শতাংশ বৰষুণৰ সম্ভাৱনা আছে৷ ২৯ জুনত ফাইনেলত বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ ছেইণ্ট লুচিয়াত অনুষ্ঠিত হ’ব তিনিখন ছুপাৰ এইট মেচ৷ ২৪ জুনত ভাৰত–অষ্ট্রেলিয়াৰ মেচ৷ উক্ত মেচত বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে ৰোহিত শর্মা আৰু মিচেল মার্শ্বৰ যুঁজখন বৰষুণত পণ্ড হ’ব পাৰে৷ ছেইণ্ট ভিনচেণ্টত অনুষ্ঠিত হ’ব দুখন ছুপাৰ এইটৰ মেচ৷ এই মেচ দুখনক লৈও চিন্তিত হৈ পৰিছে আয়োজক৷ ২৩ জুনত অষ্ট্রেলিয়া–আফগানিস্তানৰ খেলা দিনা বৰষুণৰ সম্ভাৱনা ৫২ শতাংশ৷ ২৫ জুনত আফগানিস্তান–বাংলাদেশৰ খেলখনৰ দিনটোত বৰষুণৰ সম্ভাৱনা নুই কৰা নাই বতৰ বিজ্ঞানীসকলে৷ এণ্টিগুৱাত চাৰিখন ছুপাৰ এইটৰ খেল৷ ১৯ জুনত দক্ষিণ আফ্রিকা–আমেৰিকা, ২১ জুনত অষ্ট্রেলিয়া–বাংলাদেশ, ২২ জুনত ভাৰত–বাংলাদেশ আৰু ২৪ জুনত ৱেষ্ট ইণ্ডিজ–দক্ষিণ আফ্রিকা৷ উক্ত দিনকেইটাত এণ্টিগুৱাত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

You might also like