নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খালিস্তানী : আমেৰিকাৰ চোৰাংচোৱাৰ মুৰব্বীৰে ৰাজনাথ সিঙৰ বৈঠক

নিউজ ডেস্ক, ১৭ মাৰ্চঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী তুলসী গাবাৰ্ডৰ সৈতে এক বৈঠকত মিলিত হয়। এই সময়তে আমেৰিকাৰ মাটিত ভাৰতীয় স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা খালিস্তানী উগ্ৰপন্থীৰ বিষয়টো উত্থাপন হৈছিল। বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে কাম কৰাৰ বাবে দেশত নিষেধাজ্ঞা আৰোপ কৰা খালিস্তানী সংগঠন এছ এফ জে (Sikhs For Justice)ৰ ভাৰতবিৰোধী কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰে। সূত্ৰই সংবাদ সংস্থা এএনআইক জনোৱা মতে, ভাৰতে উদ্বেগ প্ৰকাশ কৰি আমেৰিকা প্ৰশাসনক অবৈধ সংগঠনটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক (ডি এন আই) তুলসী গাবাৰ্ডে ৰাজনাথ সিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়, য’ত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কক প্ৰসাৰিত কৰাত গুৰুত্ব আৰোপ কৰে।

প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কৰ ওপৰত আলোচনা
সংবাদ সংস্থা পিটিআইয়ে সূত্ৰৰ উদ্ধৃতিৰে জনোৱা মতে, বৈঠকত প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ সম্পৰ্ক বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকৰ অন্তত ৰাজনাথ সিঙে কয় যে “নতুন দিল্লীত আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালক তুলসী গাবাৰ্ডক লগ পাই আনন্দিত হৈছিলো। ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ লক্ষ্যৰে আমি প্ৰতিৰক্ষা আৰু তথ্য বিনিময়কে ধৰি কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ।”

অজিত ডোভালৰে বৈঠক তুলসী গাবাৰ্ডৰ
ভাৰত ভ্ৰমণত আছে তুলসী গাবাৰ্ড। ইয়াৰ পূৰ্বে তেওঁ এন এছ এ অজিত ডোভালক লগ পায়। ডোভাল আৰু গাবাৰ্ডৰ মাজত হোৱা বৈঠকত মূলতঃ চোৰাংচোৱাৰ তথ্য বিনিময় আৰু নিৰাপত্তা সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হয়। শিখ ফৰ জাষ্টিচ (এছ এফ জে) হৈছে ভাৰতৰ পৰা খালিস্তান নামৰ সুকীয়া শিখ ৰাজ্য এখনৰ দাবী উত্থাপন কৰি অহা আমেৰিকান সংগঠন। ভাৰত চৰকাৰে ২০১৯ চনত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত এছজেএফক নিষিদ্ধ কৰিছিল। ইয়াক সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ প্ৰচাৰ কৰা বিচ্ছিন্নতাবাদী গোট বুলিও অভিহিত কৰা হৈছিল।

You might also like