ক’ভিডত ২৪ ঘণ্টাত আক্রান্ত ১২,৫৯১ : ৰাজনাথ সিং ক’ভিড পজিটিভ
বিশেষ বাৰ্তা, ২০ এপ্রিলঃ ক’ভিডৰ সংক্রমণ ২৪ ঘণ্টাত দেশজুৰি হৈছে ১২,৫৯১৷ লগতে ৪০ ক’ভিড ৰোগীৰ মৃত্যু ঘটিছে৷ ইয়াৰে ১১জন কেৰালাৰ৷ দৈনিক পজিটিভিটিৰ হাৰ ৫.৪৬ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে সাপ্তাহিক পজিটিভিটিৰ হাৰ ৫.৩২ শতাংশ৷ লক্ষণীয় যে দেশজুৰি সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ০.১৫ শতাংশৰ বিপৰীতে সুস্থ ৰোগীৰ হাৰ ৯৮.৬৭ শতাংশ৷ আনহাতে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙো কভিড আক্ৰান্ত৷ মন্ত্রীগৰাকী বর্তমান হোম কোৱাৰেণ্টাইনত আছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য মতে সম্প্রতি দেশত সক্রিয় ক’ভিড ৰোগীৰ ৬৫ সহস্রাধিক৷ আন্দামান–নিকোবৰ দ্বীপপুঞ্জত ৪, অন্ধ্রপ্রদেশত ৪৩৯, অৰুণাচল প্রদেশত ৯, অসমত ১০, বিহাৰত ৬৬৬, চণ্ডীগড়ত ২৭৭, দিল্লীত ৬,০৪৬, গোৱাত, ৫১৪, ছত্তীছগড়ত ২,৭৭৬, গুজৰাটত ২,০৯১, হাৰিয়ানাত ৪,৮৯১, হিমাচল প্রদেশত ১,৬৭২, জম্মু–কাশ্মীৰত ৬৩৯, ঝাৰখণ্ডত ২৬৪, কর্ণাটকত ১,৯৬২, লাডাখত ২৬, মধ্যপ্রদেশত ৩৩১, মহাৰাষ্ট্রত ৬,১০২, ওড়িশাত ২,১৭৭, পঞ্জাৱত ১,৭৬৭, ৰাজস্থানত ৩,২০১, তামিলনাডুত ৩,৫৬৩, উত্তৰ প্রদেশত ৪,২৯৮, পশ্চিম বংগত ১২২ আদি৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দেশজুৰি নাগৰিকসকলক সজাগ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে৷