ৰাম মন্দিৰ-যোগী আদিত্যনাথক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি : দুজনক আটক
বিশেষ বাৰ্তা, ৪ ডিচেম্বৰ : ৰাম মন্দিৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি লৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুজন লোকক। বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা এক বিবৃতিত বিশেষ টাস্ক ফ’ৰ্চে লক্ষ্ণৌৰ গোমটিনগৰ অঞ্চলৰ পৰা তাহৰ সিং আৰু ওমপ্ৰকাশ মিশ্ৰ নামৰ দুজন যুৱকক তদন্ত কৰি গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে। যোৱা নৱেম্বৰ মাহত ‘আই দেৱেন্দ্ৰ অফিচ’ নামৰ এক্স হেণ্ডেলৰ দ্বাৰা অযোধ্যাৰ ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ভাবুকি দিছিল। ইয়াৰ উপৰি আদিত্যনাথক লক্ষ্য কৰি বোমা নিক্ষেপ কৰাৰ ভাবুকিও দিয়া হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে দুটা ভুৱা মেইল আইডি উদ্ধাৰ কৰে। তদন্তত অভিযুক্তসকলৰ ভিতৰত ওমপ্ৰকাশে আনজন অভিযুক্ত তাহৰলৈ ভাবুকি দিয়া মেইলটো প্ৰেৰণ কৰিছিল বুলি জানিব পাৰে। পিছত একেটাকে এটা ভুৱা নামেৰে খোলা এক্স হেণ্ডেলত পোষ্ট কৰা হয়। আৰক্ষীৰ মতে, দুয়োজন অভিযুক্ত উত্তৰ প্ৰদেশৰ গোণ্ডাৰ বাসিন্দা। পেৰামেডিকেল ইনষ্টিটিউচনত কাম কৰিছিল। অৱশ্যে অভিযুক্ত সন্দৰ্ভত অধিক জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে অহা ২২ জানুৱাৰীত ৰাম মন্দিৰত ৰাম লালাৰ মূৰ্তি স্থাপন কৰা হ’ব। সেইদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থাকিব।