নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মস্তিষ্কৰ বিৰল সংক্রমণ :  জীৱন ৰক্ষা পৰিল কেৰালাৰ কিশোৰৰ

🔹 বিশ্বজুৰি মাত্র ১১জনেহে আৰোগ্য লাভ কৰিছে

বিশেষ বাৰ্তা, ২৪ জুলাই : এমোবিক মেনিংগো এনছেফালাইটিছ মস্তিষ্কৰ এবিধ বিৰল সংক্রমণ৷ এবাৰ সংক্রমিত হ’লে ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা খুবেই কম৷ এই সংক্রমণত মৃত্যুৰ হাৰ ৯৭ শতাংশ৷ সমগ্র বিশ্বত এতিয়ালৈকে ১১গৰাকী লোকে এই ৰোগৰ পৰা ৰক্ষা পাইছে৷ অর্থাৎ এই ৰোগত আক্রান্ত হোৱাৰ পাছত বিশ্বজুৰি মাত্র ১১গৰাকী লোকেহে নতুন জীৱন লাভ কৰিবলৈ সক্ষম হৈছে৷ সেই বিৰল জটিল ৰোগৰ পৰা এইবাৰ সুস্থ হৈ উঠিল কেৰালাৰ কোঝিকোড়ৰ ১৪ বছৰীয়া এজন কিশোৰ৷ অসুস্থ এই কিশোৰজনক প্রথমে লৈ যোৱা হৈছিল কোঝিকোড়ৰ মেলাদি গাঁৱৰ এক প্রাথমিক স্বাস্থ্যকেন্দ্রলৈ৷ তাত কিশোৰজনৰ শাৰীৰিক অৱস্থা দেখি সন্দেহ কৰে চিকিৎসকসকলে৷ অসুস্থতাৰ উপসর্গবোৰৰ কথা ঊর্ধ্বতন কর্তৃপক্ষক জনোৱা হয়৷ সংক্রমণ নিশ্চিত হোৱাৰ পাছত কেৰালাৰ স্বাস্থ্যমন্ত্রী বীণা জর্জৰ নেতৃত্বত বিশেষজ্ঞৰ এটা দলে বৈঠক অনুষ্ঠিত কৰে স্বাস্থ্য বিভাগত৷ সেইদিনাখনেই কিশোৰজনৰ দেহত মৃগী ৰোগৰ উপসর্গই দেখা দিয়ে৷ গতিকে পলম নকৰি পৰিয়ালে ১ জুলাইত কোঝিকোড়ৰ এখন বেচৰকাৰী হাস্পতালত কিশোৰজনক ভর্তি কৰে৷ কিশোৰজনৰ শাৰীৰিক অৱস্থাৰ দিশটোলৈ প্রতি মুহূর্ততে নজৰ ৰাখিছিল ৰাজ্যখনৰ স্বাস্থ্য বিভাগে৷ চিকিৎসাৰ বাবে মিলটেফোচিন নামৰ এবিধ এণ্টিমাইক্র’বিয়াল ঔষধৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে৷ চিকিৎসা আৰম্ভ হোৱাৰ তিনি সপ্তাহৰ ভিতৰতে সুস্থ হৈ উঠিছে কিশোৰজন৷ চিকিৎসকসকলে সদৰী কৰা অনুসৰি প্রাথমিক পর্যায়তে সংক্রমণ ধৰা পৰাৰ লগতে তাৎক্ষণিকভাৱে প্রয়োজনীয় চিকিৎসা লাভ কৰাৰ ফলত কিশোৰজনৰ জীৱন ৰক্ষা পৰিছে৷ স্মর্তব্য যে বিগত তিনি মাহত এই ৰোগত কেৰালাত তিনিটা শিশু আক্রান্ত হৈছিল৷ তিনিওটা শিশুৰ মৃত্যুও হৈছিল৷ দূষিত পানীৰ এমিবাৰ পৰা এই ৰোগৰ সংক্রমণ ঘটে৷

You might also like