নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰতন টাটাৰ উইলত ৰান্ধনী–পোহনীয়া কুকুৰৰ নাম

🔹 কিংবদন্তি উদ্যোগপতিয়ে সকলোকে দিছে সম্পত্তিৰ ভাগ

নিউজ ডেস্ক, ২৯ অক্টোবৰ : ৮৬ বছৰ বয়সত দেহাৱসান ঘটিছে উদ্যোগপতি ৰতন টাটাৰ৷ কেৱল উদ্যোগপতিয়েই নহয়, সেৱা আৰু দানধর্মত টাটাৰ দৰে মানুহ দেশত বিৰল৷ গতিকে, সমগ্র দেশত ৰতন টাটাৰ জনপ্রিয়তা আছিল প্রবল৷ মৃত্যুৰ পিছত পুনৰ এবাৰ সেয়া স্পষ্ট হৈছে৷ এইবাৰ পোহৰলৈ আহিছে ৰতন টাটাৰ ইচ্ছাপত্র বা উইল৷ এই ইচ্ছাপত্রৰ জৰিয়তে ৰতন টাটাই আকৌ এবাৰ প্রমাণ কৰি দিলে যে তেওঁ আছিল এগৰাকী বিশাল হূদয়ৰ ব্যক্তি৷ উইলত নিজৰ ভাতৃ–ভগ্ণীসকলৰ সম্পত্তি অংশৰ কথা উল্লেখ কৰিছে ৰতন টাটাই৷ ভাতৃ জিমি টাটা, দুই সতীয়া ভগ্ণী চিৰিণ আৰু দিয়ানা কাকো পাহৰি যোৱা নাই ৰতন টাটাই৷ কিন্তু ইয়াৰ সৈতে উইলত উল্লিখিত নামবোৰৰ পৰা স্পষ্ট হৈছে যে যিসকল তেওঁৰ দীর্ঘদিনৰ সংগী তেওঁলোকৰো কাকো পাহৰি যোৱা নাই প্রবীণ উদ্যোগপতিয়ে৷ নিজৰ পৰিচাৰককো দিছে সম্পত্তিৰ ভাগ৷ কেৱল মানুহ নহয়, প্রিয় পোহনীয়া টিটোকো পাহৰি যোৱা নাই টাটাই৷ স্মর্তব্য যে ৰতন টাটাৰ ব্যক্তগত সম্পত্তিৰ পৰিমাণ ১০ হাজাৰ কোটি টকাতকৈও অধিক৷ এই সম্পত্তিৰ এটা অংশ দিছে তেওঁৰ ব্যক্তিগত ৰান্ধনী ৰজন ছাউক৷ প্রায় তিনিটা দশক ৰতন টাটাৰ বাসগৃহত ৰান্ধনী হিচাপে কাম কৰিছে ৰজনে৷ নিজৰ প্রধান পৰিচাৰক ছুব্বায়া আৰু কার্যবাহী সহকাৰী শান্তনু নাইডুক সম্পত্তিৰ ভাগ দি গৈছে কিংবদন্তি উদ্যোগপতিগৰাকীয়ে৷ একেদৰে উইলত আছে পোহনীয়া জার্মান শ্বেফার্ড টিটোৰ নামো৷ এই প্রিয় কুকুৰটো প্রায় ছবছৰ পূর্বে ৰতন টাটাৰ সংগী হৈছিল৷ ইয়াৰ পূর্বেও এনে নামৰ এটা কুকুৰ পুহিছিল টাটাই৷ লক্ষণীয়ভাৱে সকলোকে সম্পত্তিৰ ভাগ দি গৈছে ৰতন টাটাই৷ স্মর্তব্য যে কুকুৰৰ প্রতি ৰতন টাটাৰ বিশেষ আকর্ষণ আছিল৷ সেইবাবে ২০২৩ চনত তেওঁ মুম্বাইত মুকলি কৰিছিল কুকুৰৰ বাবে এখন সুকীয়া হাস্পতাল৷ এই হাস্পতালত আছে আইচিইউ, চিটী স্কেন, এক্সৰে’, এমআৰআইৰ সুবিধা৷

You might also like