ব্ৰীজবেনত অৱসৰ ঘোষণা, চেন্নাইত উপস্থিত ৰবিচন্দ্ৰন অশ্বিন
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ডিচেম্বৰঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্রিজবেন টেষ্টৰ পাছত ৰবি অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লয়। ইয়াৰ পিছত অশ্বিন আজি চেন্নাইলৈ উভতি আহে। অফ স্পিনাৰগৰাকীক চেন্নাইত অনুৰাগীয়ে উষ্ম আদৰণি জনায়। ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে অশ্বিনৰ ভিডিঅ’। ইয়াৰ উপৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে অহৰহ মন্তব্য আৰু অশ্বিনক শুভেচ্ছা জনাইছে। অশ্বিনে কয় যে মই আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিবলৈ ওলাইছো। যিমান দিন পাৰো খেলিবলৈ চেষ্টা কৰিম। ক্ৰিকেটাৰ হিচাপে ৰবি অশ্বিনৰ সময় শেষ হোৱা বুলি মই নাভাবো। ভাৰতীয় ক্ৰিকেটাৰ হিচাপে মোৰ সময় শেষ হোৱা যেন অনুভৱ কৰোঁ, কিন্তু ক্ৰিকেটাৰ হিচাপে মোৰ মাজত এতিয়াও ক্ৰিকেট বাকী আছে। লগতে অশ্বিনে আৰু কয় যে যদি আপুনি অৱসৰৰ কথা সুধিব তেন্তে সেয়া সদায় কঠিন। যদি আপুনি আপোনাৰ অৱসৰৰ বিষয়ে সিদ্ধান্ত লৈছে তেন্তে সেয়া সহজ নহয়। আপোনালোককে ধৰি বহু লোকৰ বাবে এইটো এটা আৱেগিক মুহূৰ্ত, কিন্তু মোৰ বাবে ই এক বৃহৎ সকাহ আৰু সন্তুষ্টিৰ বিষয়। অশ্বিনে কয় যে অৱসৰৰ চিন্তা মোৰ মনত বহুদিন ধৰি চলি আছিল, কিন্তু সেয়া সহজ নাছিল। ব্রিজবেন টেষ্টৰ চতুর্থ দিনা অৱসৰৰ কথা ভাবি পঞ্চম দিনা ঘোষণা কৰিলোঁ৷