নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহতে হ্রাস আৰবিআইৰ ৮৪৭ কোটি ডলাৰ

🔹 ডলাৰৰ নিৰিখত টকাৰ হোৰাহোৰে পতন : খহিছে বিদেশী মুদ্রা ভাণ্ডাৰ 

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : বছৰৰ শেষত ডলাৰৰ নিৰিখত হোৰাহোৰে টকাৰ পতন ঘটিছে৷ যাৰ বিৰূপ প্রভাৱ পৰিছে বিদেশী মুদ্রাৰ ভাণ্ডাৰত৷ যোৱা ২০ ডিচেম্বৰ পর্যন্ত ভাৰতীয় ৰিজার্ভ বেংকৰ বিদেশী মুদ্রা ভাণ্ডাৰ ৮৪৭.৮০ কোটি ডলাৰ হ্রাস পাইছে৷ পৰিণতিত এতিয়া বিদেশী মুদ্রাৰ পৰিমাণ হৈছেগৈ বিগত ৭ মাহত সর্বনিম্ন ৬৪,৪৩৯.১০ কোটি ডলাৰ৷ এনেধৰণৰ উদ্বেগজনক তথ্য প্রকাশ পাইছে ভাৰতীয় ৰিজার্ভ বেংকৰ বিদেশী মুদ্রা ভাণ্ডাৰ সম্পর্কীয় শেহতীয়া সাপ্তাহিক তথ্যত৷ এটা সপ্তাহতেই ৮৪৭.৮০ কোটি ডলাৰৰ বিদেশী মুদ্রা ভাণ্ডাৰৰ পতন৷ বিগত এমাহৰ ভিতৰত সর্বাধিক বুলি ভাৰতীয় ৰিজার্ভ বেংকৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূর্বৰ দুসপ্তাহতো ক্রমে ১৯৮ কোটি ডলাৰ আৰু ৪২২ কোটি ডলাৰ মুঠ ৫২০ কোটি ডলাৰৰ বিদেশী মুদ্রা হ্রাস পাইছিল৷ ধাৰাবাহিকভাৱে তিনি সপ্তাহ ধৰি বিদেশী মুদ্রা ভাণ্ডাৰৰ এনে পতনত উদ্বিগ্ণ হৈ পৰিছে কেন্দ্রীয় বিত্ত মন্ত্রালয়৷ যোৱা ২২ নৱেম্বৰত শেষ হোৱা সপ্তাহটোত আটাইতকৈ বেছি পৰিমাণৰ বিদেশী মুদ্রা ভাণ্ডাৰ ভাৰতীয় ৰিজার্ভ বেংকে হেৰুৱাবলগীয়া হৈছে৷ মাত্র ৭টা দিনতে তেতিয়া ১,৭৮০ কোটি ডলাৰ বিদেশী মুদ্রা ভাণ্ডাৰৰ পতন ঘটিছিল৷ এনে অৱস্থাত ভাৰতীয় মুদ্রাৰ দাম হ্রাস ৰুধিবলৈ ক্রমাগতভাৱে ডলাৰ বিক্রী কৰিবলগীয়া হৈছে ভাৰতীয় ৰিজার্ভ বেংকে৷ অক্টোবৰৰ পৰা বর্তমান পর্যন্ত ৫,০০০ কোটি ডলাৰ বিক্রী কৰা হৈছে বুলি শেহতীয়া সাপ্তাহিক তথ্যত উল্লেখ কৰা হৈছে৷ ভাৰতীয় ৰিজার্ভ বেংকৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, ডলাৰক বাদ দি অন্যান্য বিদেশী মুদ্রা সম্পদৰ অৱমূল্যায়নৰ প্রভাৱো বিদেশী মুদ্রা ভাণ্ডাৰৰ ওপৰত পৰিছে৷ ২০ ডিচেম্বৰত অন্ত পৰা সপ্তাহটোৰ ভিতৰতে বিদেশী মুদ্রা সম্পদ হ্রাস পাইছে ৬০১.৪০ কোটি ডলাৰ৷ ফলত এতিয়া ভাৰতীয় ৰিজার্ভ বেংকৰ হাতত থকা বিদেশী মুদ্রা সম্পদৰ পৰিমাণ হৈছে ৫৫,৬৫৬.২০ কোটি ডলাৰ৷ ইয়াৰ মূলতে ডলাৰৰ নিৰিখ বাঢ়ি যোৱা তথা শক্তিশালী হোৱাৰ লগে লগে ইউৰো, পাউণ্ড আৰু ইয়েনৰ দৰে বিদেশী মুদ্রাসমূহৰ দৰৰ ক্ষেত্রতো পতন দেখা গৈছে৷ বিদেশী মুদ্রা সম্পদৰ ভিতৰত মজুত ৰখা অ–আমেৰিকান মুদ্রাৰ দাম বৃদ্ধি বা হ্রাসৰ প্রভাৱ অন্তর্ভুক্ত কৰা হয়৷ লক্ষণীয়ভাৱে উল্লিখিত সপ্তাহটোত সোণৰ মজুত ২৩৩ কোটি ডলাৰ হ্রাস পাই ৬,৫৭২.৬০ কোটি ডলাৰ হৈছে৷ একেদৰে স্পেচিয়েল ড্রইং ৰাইটছ ১১২ মিলিয়ন ডলাৰ হ্রাস পাই হৈছেগৈ ১৭.৮৮৫ বিলিয়ন ডলাৰ৷ উল্লেখ্য যে যোৱা ২৭ ডিচেম্বৰৰ দিনটোত ডলাৰৰ তুলনাত তিনি শতাংশ কমিছে ভাৰতীয় মুদ্রাৰ নিৰিখ৷ যিটো বিগত সাত মাহৰ ভিতৰত টকাৰ সর্বোচ্চ পতন৷ ইয়াকে লৈ ধাৰাবাহিকভাৱে ৯ দিন ডলাৰৰ তুলনাত টকাৰ দাম নিম্নমুখী হৈ আছে৷ ইয়াৰ পূর্বে ডলাৰৰ নিৰিখত টকাৰ আটাইতকৈ ডাঙৰ পতন ঘটিছিল যোৱা ৪ জুনত৷ এনে অৱস্থাত বছৰটোৰ অন্তত ১ ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রা ৮৬ টকা হ’ব বুলি সংশ্লিষ্ট মহলে ধাৰণা কৰিছে৷ যদিহে এয়াই হয়গৈ, তেন্তে বিদেশী মুদ্রা ভাণ্ডাৰৰ পৰিমাণ আৰু অধিক হ্রাস পোৱাৰ আশংকা কৰিব পাৰি৷

You might also like