নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেক্সিকোৰ ঘন জংঘলত উদ্ধাৰ প্ৰাচীন মায়া সভ্যতাৰ ধ্বংসাৱশেষ

বিশেষ বাৰ্তা, ৭ জুলাই : মেক্সিকোৰ ঘন জংঘলত প্ৰাচীন মায়া সভ্যতাৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইভান স্প্ৰাইছ আৰু তেওঁৰ দলে। মেক্সিকোৰ ইউকাটান উপদ্বীপ অঞ্চলৰ ঘন জংঘলত ৩০ বছৰ ধৰি ড° ইভান স্প্ৰাইছে প্ৰাচীন মায়া সভ্যতাৰ ধ্বংসাৱশেষ বিচাৰি অভিযান চলাই আহিছে। অৱশ্যে জংঘলে তেওঁক এই অভিযানত নিৰাশ কৰা নাছিল। এই স্লোভেনিয়ান পুৰাতত্ত্ববিদজনে ২০১৩ চনৰ পৰা জংঘলৰ মাজেৰে খান্দি কেইবাখনো চহৰৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে। অৱশ্যে তেওঁৰ শেহতীয়া আৱিষ্কাৰক কেন্দ্ৰ কৰি প্ৰচাৰ অধিক হৈছে। জুন মাহত ইভান আৰু তেওঁৰ দলটোৱে মেক্সিকোৰ বালামকুৰ ইক’লজিকেল ৰিজাৰ্ভত এখন প্ৰাচীন মায়া চহৰ আৱিষ্কাৰ কৰে, যিখন চহৰ ৬০০ৰ পৰা ৮০০ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। ইভানে চহৰখনৰ নাম অকমটুন ৰাখিছিল, যাৰ অৰ্থ প্ৰাচীন মায়া ভাষাত ‘শিলৰ স্তম্ভ’। প্ৰাচীন চহৰখনৰ গঠনলৈ চাই তেওঁলোকে এই নাম বাছি লোৱা বুলি দাবী কৰিছে। সমগ্ৰ চহৰখনতে বিয়পি আছে স্তম্ভ, পিৰামিডৰ দৰে গঠন। ইয়াৰে কিছুমানৰ উচ্চতা পঞ্চাশ ফুটতকৈও অধিক। পশ্চিম গোলাৰ্ধৰ অন্যতম পুৰণি সভ্যতা হৈছে মায়া সভ্যতা। ২০০ চনৰ পৰা ৯০০ খ্ৰীষ্টাব্দৰ ভিতৰত আমেৰিকাত কাৰ্যতঃ তেওঁলোকৰ দ্বাৰা শাসন কৰা হৈছিল। গৱেষকসকলৰ মতে, এই সভ্যতাৰ লোকসকল জ্যোতিৰ্বিজ্ঞান, গণিত আৰু বিজ্ঞানত অতি পাকৈত আছিল। কিন্তু নৱম শতিকাৰ পৰা এই সভ্যতাৰ হঠাৎ অৱনতি ঘটে। বাসিন্দাসকলে চহৰবোৰ এৰি যায়। ইভানে ইয়াৰ আগতেও গভীৰ অৰণ্যত কেইবাখনো চহৰ বিচাৰি পাইছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ২০১৩ চনত আৱিষ্কাৰ হোৱা অষ্টম শতিকাৰ চহৰ চাকটুন। তাত প্ৰায় ৪০ হাজাৰ লোকে বাস কৰিছিল। মাত্ৰ এবছৰৰ পিছত আৱিষ্কাৰ হোৱা লাগুনিটা আৰু টামচেন চহৰো গুৰুত্বপূৰ্ণ। তথাপি ইভানে ভাবে যে মায়া চহৰ অকমটুনৰ আৱিষ্কাৰে হয়তো প্ৰায় ১২০০ বছৰ আগতে মায়া সভ্যতাৰ অন্ত পৰাৰ কাৰণটো সঠিকভাৱে উন্মোচন কৰিব। ইভানৰ এই আৱিষ্কাৰৰ লগে লগে দেশ-বিদেশৰ কেইবাজনো গৱেষকে দাবী কৰিছে যে ১৫০ বছৰ ধৰি চলি থকা মায়া সভ্যতাৰ গৱেষণাত অকমটুনে নতুন দিশ দেখুৱাব পাৰে।

You might also like