নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটালীত প্রতিশ্রুতি ভংগ কৰা ৰাজনীতিকৰ বিলৈ: পিঞ্জৰাত ভৰাই নদীত ডুবাই শাস্তি দিয়া হয় নেতাক

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ: ৰাজনৈতিক নেতাসকলে জনসাধাৰণক প্রতিশ্রুতি দি নির্বাচনত ভোট লাভ কৰি বিজয়ী হৈ আহে৷ কিন্তু নির্বাচন গ’লে সেই প্রতিশ্রুতি অসাৰ হৈ পৰে৷ ভাৰতত এই পৰম্পৰা চলি আছে যদিও ৰাজনীতিকসকলে এনে কার্যৰ বাবে কোনোধৰণৰ শাস্তি লাভ নকৰে৷ কিন্তু পৃথিৱীত এনে চহৰো আছে য’ত ৰাজনীতিক নেতাসকলে প্রতিশ্রুতি ভংগ কৰিলে শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়৷ ইটালীৰ সৰু চহৰ ট্রেণ্টোত জনসাধাৰণে শাস্তি দিয়ে নেতাসকলক৷ এই চহৰখনত ৰাজনেতাসকলক শাস্তি দিয়াৰ নিয়ম আছে৷ এই শাস্তিৰ নাম ‘টোংকা’৷ চহৰখনত কোনো নেতা বা মন্ত্রীয়ে প্রতিশ্রুতি দিয়াৰ পাছত তাক পালন নকৰিলে সেই নেতা–মন্ত্রীক নদীত পিঞ্জৰাত ভৰাই কেইছেকেণ্ডমানৰ বাবে ডুবাই ৰাখে৷ তাৰ পাছত আকৌ ওপৰলৈ তুলি আনে৷ ৰাজনেতাসকলক নিজৰ ভুল উপলব্ধি কৰাবলৈ এই শাস্তি প্রদান কৰাৰ নিয়ম অব্যাহত আছে চহৰখনত৷ প্রতিবছৰে ২৬ জুনৰ পূর্বে অন্তিমটো দেওবাৰে এই শাস্তি দিয়াৰ উৎসৱ পালন কৰি অহা হৈছে চহৰখনত৷

You might also like