নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক মাধ্যমত ভাইৰেল ৰোহিত-বিৰাটৰ এক হৃদয়স্পৰ্শী ভিডিঅ’

🔹 ৯ ৰানত আউট হোৱা বিৰাটক উৎসাহ যোগালে প্ৰশিক্ষক দ্ৰাবিড়ে

বিশেষ বাৰ্তা, ২৮ জুন : বৃহস্পতিবাৰে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি খিতাপৰ যুঁজত স্থান দখল কৰে মেন ইন ব্লুৱে। উক্ত মেচত জয়ী হোৱাৰ পাছতে আৱেগবিহ্বল হৈ পৰে ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শৰ্মা। চকুৰ পৰা আনন্দৰ চকুলো বৈ আহে ৰোহিতৰ। তেতিয়াই বিৰাট কোহলিয়ে ৰোহিতৰ কান্ধত হাত থৈ সমবেদনা জনোৱা দেখা যায়। ভাৰতৰ দুই তাৰকাৰ এনে এক মধুৰ মুহূৰ্তৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলতো এই দুটা দল মুখামুখি হৈছিল। সেই খেলখনত ইংলেণ্ডে ভাৰতক ১০ উইকেটত পৰাস্ত কৰি বিশ্ব জয়ৰ ভাৰতৰ সপোন  চূৰমাৰ কৰিছিল। বৃহস্পতিবাৰে গায়ানাত সেই পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে ভাৰতীয় দলটোৱে। ভাৰতৰ অধিনায়কগৰাকীয়ে নিজেই খেলখনত অৰ্ধশতক অৰ্জন কৰি ভাৰতৰ জয়ৰ ভেটি স্থাপন কৰে। শেষত ৬৫ ৰানত জয়ী হৈ খেলপথাৰৰ পৰা ওলাই ড্ৰেছিং ৰুমত প্ৰৱেশ কৰাৰ পথত ৰোহিত শৰ্মা এখন চকীত বহি পৰে। সেই সময়তে আৱেগিক হৈ পৰে হিটমেন। কেমেৰাত ধৰা পৰাৰ পিছত ভাৰতৰ অধিনায়কগৰাকীয়ে ড্ৰেছিং ৰুমত বহি চকুলো লুকুৱাবলৈ চেষ্টা কৰে। আনহাতে, ভাৰতীয় ড্ৰেছিং ৰুমৰ আন এক হৃদয়স্পৰ্শী ছবিও খেলৰ সময়ত কেমেৰাত ধৰা পৰে। মাত্ৰ ৯ ৰানত আউট হোৱাৰ পিছত বিৰাট কোহলিয়ে দুখ মনে বহি আছিল। সেই সময়ত প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিৰাটৰ ওচৰলৈ আহি তেওঁক উৎসাহিত কৰিছিল। সেই ভিডিঅ’টোও ভাইৰেল হৈ পৰে। অৱশ্যে বিৰাটৰ ৰানৰ অভাৱক লৈ বিশেষ চিন্তিত নহয় ৰোহিত। খেলৰ অন্তত ভাৰতীয় অধিনায়কগৰাকীয়ে কোহলিয়ে ফাইনেলত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াব বুলিও আশা ব্যক্ত কৰে।

You might also like