ৰুছ বাহিনীৰ ক্ষেপণাস্ত্রৰ আঘাতত তচনচ কিয়েভ–খার্কিভ
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ইউক্রেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ চতুর্থটো দিনত দেশখনৰ ৰাজধানী কিয়েভৰ গুৰুত্বপূর্ণ বহু অঞ্চল ৰুছ সৈন্যৰ দখললৈ গৈছে যদিও প্রতিৰোধ অব্যাহত ৰাখিছে ইউক্রেইনী সেনাই৷ দেওবাৰে ইউক্রেইনৰ দ্বিতীয় বৃহত্তম চহৰ খার্কিভত ৰুছ সৈন্যৰ বিৰুদ্ধে ইউক্রেইনী সেনা তুমুল যুদ্ধত অৱতীর্ণ হৈছে৷ চহৰখনৰ গলিয়ে–গলিয়ে সোমাই পৰিছে ৰুছ পদাতিক সৈন্য৷ আনফালে ৰাছিয়ান যুদ্ধ টেংকে বিভিন্ন স্থানৰ পৰা চহৰখন ঘেৰি পেলাইছে৷ ১৪ লাখ বাসিন্দাৰ এই চহৰখনত সাধাৰণ জনতায়ো ৰুছ বাহিনীক প্রতিৰোধ কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷
লক্ষণীয়ভাৱে কালি নিশাৰে পৰা ৰাছিয়াই চহৰখনৰ ওপৰত ক্ষেপণাস্ত্রৰে আঘাত হানে৷ ক্ষেপণাস্ত্রৰ আঘাতত ৯ মহলীয়া প্রাসাদ বিধ্বস্ত হয়৷ উল্লেখনীয় যে এই প্রাসাদটোৰ এগৰাকী মহিলা নিহত হোৱাৰ উপৰি আন ৬০গৰাকী লোক গুৰুতৰভাৱে আহত হোৱা বুলি সদৰী কৰিছে আঞ্চলিক গৱর্নৰগৰাকীয়ে৷ একে সময়তে ৰুছ সেনাই ইয়াৰ সমীপৱর্তী প্রাকৃতিক গেছৰ এক পাইপলাইনত বিস্ফোৰণ ঘটোৱা বুলি গৱর্নৰগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে৷
শেহতীয়াকৈ খার্কিভ চহৰৰ পৰা ৰুছ সৈন্য ইউক্রেইনী বাহিনীয়ে খেদি পঠিয়াবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে দেশখনৰ সেনাই৷ ৰাজধানী কিয়েভৰ বাহিৰত এখন তৈলক্ষেত্রও ক্ষেপণাস্ত্রৰ আঘাতত সম্পূর্ণৰূপে ধ্বংস হোৱা বুলি স্থানীয় প্রশাসনে উল্লেখ কৰিছে৷ এক কথাত ক’বলৈ গ’লে ৰুছ বাহিনীৰ ক্ষেপণাস্ত্রৰ আঘাতত তচনচ হৈ পৰিছে কিয়েভ আৰু খার্কিভ৷ আন্তর্জাতিক সম্প্রদায়ৰ আহ্বান সত্ত্বেও যুদ্ধ বন্ধ কৰিবলৈ অস্বীকাৰ কৰি আছে ৰুছ ৰাষ্ট্রপতি পুটিনে৷ ইফালে পাশ্চাত্যৰ দেশসমূহে উল্লেখ কৰা অনুসৰি প্রবল পৰাক্রমী হ’লেও ৰাছিয়ান সেনাক তীব্র প্রত্যাহ্বান জনাইছে ইউক্রেইনৰ বাহিনীয়ে৷ লক্ষণীয়ভাৱে বিভিন্ন নাটো সদস্য দেশে ৰাছিয়াৰ বিৰুদ্ধে ইউক্রেইনলৈ শেহতীয়াকৈ অস্ত্র প্রেৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ পশ্চিম ইউৰোপৰ কেইবাখনো দেশৰ পৰা শেহতীয়াকৈ অস্ত্র লাভ কৰিছে ইউক্রেইনৰ সেনাই৷ দেওবাৰে পুৱাৰ ভাগতে জার্মানীয়ে প্রেৰণ কৰা টেংক বিধ্বংসী ক্ষেপণাস্ত্র লাভ কৰে ইউক্রেইনে৷ কিন্তু কিয় ইমান পলমকৈ ইউক্রেইনলৈ অস্ত্র প্রেৰণ কৰা হ’ল, তাক লৈ প্রশ্ণৰ অৱতাৰণা কৰা হৈছে৷ যুদ্ধক্ষেত্রত ইউক্রেইনৰ সেনাৰ সৈতে ইউৰোপ–আমেৰিকাৰ সৈনিকে একেলগে যুদ্ধত অৱতীর্ণ হোৱা নাই যদিও অস্ত্র প্রেৰণৰ ক্ষেত্রত কোনোধৰণৰ কার্পণ্য নকৰে বুলি জার্মানীয়ে ঘোষণা কৰিছে৷ জার্মান চৰকাৰৰ পৰা আজি স্পষ্ট কৰি দিয়া হৈছে যে ইউক্রেইনে বিচাৰিলে পৰৱর্তী সময়ত অধিক অস্ত্র প্রেৰণ কৰা হ’ব দেশখনলৈ৷ আমেৰিকাই সামৰিক সাহায্য হিচাপে বৃহৎ অংকৰ ধনৰাশি প্রেৰণ কৰিব বুলি ৰাষ্ট্রপতি জ’ বাইডেনেও ঘোষণা কৰিছে৷
ইফালে ৰাছিয়াক সকলো দিশৰ পৰা বিপদত পেলাবলৈ চেষ্টা চলাইছে পাশ্চাত্যৰ কেইবাখনো দেশে৷ স্মর্তব্য যে ইতিমধ্যে ৭২ ঘণ্টাৰ যুদ্ধত ইউক্রেইনত কেইবাশও সাধাৰণ নাগৰিক তথা সৈনিক নিহত হৈছে৷ ইউক্রেইনে দাবী কৰা অনুসৰি এই সময়ছোৱাত সহস্রাধিক ৰাছিয়ান সৈনিক নিহত হৈছে৷ ইয়াৰ উপৰি শতাধিক ৰাছিয়ান যুদ্ধ টেংক তথা কেইবাখনো বিমান বিধ্বস্ত হৈছে ইউক্রেইনী বাহিনীৰ প্রতিৰোধী আক্রমণত৷ ইউক্রেইনৰ সেনাই দাবী কৰা অনুসৰি ৰুছ বাহিনীয়ে ইতিমধ্যে ৰাজধানী কিয়েভৰ উপকণ্ঠ অঞ্চললৈ পিছ হুঁহকিবলগীয়া হৈছে৷ ৰাজধানী চহৰখনত ৰুছ বাহিনীৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছে, তাৰ গৰিষ্ঠসংখ্যকেই হৈছে সাধাৰণ নাগৰিক৷ ইতিমধ্যে ইউক্রেইনত বিস্তৰ ক্ষতি হোৱা বুলি দাবী কৰিছে আন্তর্জাতিক সমৰ বিশেষজ্ঞসকলে৷ গতিকে এতিয়া ইউক্রেইনলৈ পাশ্চাত্যৰ দেশসমূহে অত্যাধুনিক অস্ত্র প্রেৰণ কৰাটো যুক্তিহীন বুলিও বিভিন্ন মহলে সমালোচনা আগবঢ়াইছে৷ ইফালে যুদ্ধৰ হিংস্র ৰূপ দেখিও নিজৰ পৰিয়ালসহ ৰাজধানী কিয়েভতে আছে দেশখনৰ ৰাষ্ট্রপতি ভ’লোডিমিৰ জেলেনস্কি৷
সমৰ বিশেষজ্ঞসকলৰ মাতে, যিকোনো মুহূর্ততে ৰুছ বাহিনীৰ হাতত বন্দী হ’ব পাৰে ইউক্রেইনী ৰাষ্ট্রপতিগৰাকী৷ অৱশ্যে জেলেনস্কি বন্দী হ’লেও ইউক্রেইনী সেনা আৰু সাধাৰণ নাগৰিকসকলৰ মনোবল ভাঙি পেলোৱাটো সম্ভৱ নহ’ব৷ অর্থাৎ বিভিন্ন মহলৰ মতে যুদ্ধ দীঘলীয় হোৱাৰ সম্ভাৱনা আছে৷ লক্ষণীয়ভাৱে যুদ্ধক্ষেত্রত নতুন কৌশল গ্রহণ কৰিছে ইউক্রেইনী জনতাই৷ ৰুছ সেনাক বিভ্রান্ত কৰিবলৈ নতুন পন্থা গ্রহণ কৰা হৈছে৷ পথৰ সমস্ত চিহ্ণ আঁতৰাই দি ৰুছ বাহিনীক বিভ্রান্ত কৰাৰ কৌশল ৰচনা কৰিছে সাধাৰণ নাগৰিকসকলে৷ ৰুছ সেনাই যাতে ইউক্রেইনৰ অন্যান্য প্রান্তত প্রৱেশ কৰিব নোৱাৰে, তাৰ বাবেই এনে ব্যৱস্থা গ্রহণ কৰিছে সাধাৰণ জনতাই৷ লক্ষণীয়ভাৱে পথবোৰত দিক্ নির্দেশক হিচাপে থকা ব’ডবোৰ আঁতৰ কৰি দিয়া হৈছে৷ এই ব’ডবোৰ আঁতৰ কৰি দিয়াৰ ফলত বিভ্রান্তিত পৰিছে ৰুছ বাহিনী৷ অর্থাৎ এক চক্রবেহুৰ মাজত যেন সোমাই পৰিছে ৰাছিয়াৰ সৈনিক৷ এই সুযোগক কামত লগাই প্রতিৰোধী যুদ্ধ অধিক ভয়াৱহ কৰি তুলিবলৈ চেষ্টা চলাইছে ইউক্রেইনে৷