নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেলেনস্কিক ‘অহংকাৰী গাহৰি’ আখ্যা ৰাছিয়াৰ

🔹 ইউক্রেইনৰে থাকিব ইউৰোপ : ট্রাম্পৰ নীতিত শংকিত বিশ্বৰ বহু দেশ 

নিউজ ডেস্ক, ২ মার্চ : আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে পৰহি নিশা হোৱাইট হাউছত ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কিৰ বাদানুবাদ তথা বৈঠক ভংগ হোৱা ঘটনাত উল্লসিত ৰাছিয়া৷ ৰুছ ৰাষ্ট্রপতি পুটিনৰ সহযোগীসকলে হোৱাইট হাউছৰ অ’ভেল অফিচৰ এই ঘটনাৰ বাবে দোষাৰোপ কৰিছে জেলেনস্কিক৷ পুটিন নেতৃত্বাধীন ৰুছ নিৰাপত্তা পৰিষদৰ উপ–প্রধান তথা দেশখনৰ প্রাক্তন ৰাষ্ট্রপতি ডিমিট্রি মেডভেডেভে কালি জেলেনস্কিক কটাক্ষ কৰি কৈছে যে অহংকাৰী গাহৰিয়ে অ’ভেল অফিচত এখুন্দা খাইছে৷ ৰাছিয়াৰ কেইবাগৰাকীও শীর্ষ বিষয়ববীয়াই দুয়োগৰাকী ৰাষ্ট্রনেতাৰ বাদানুবাদক ঐতিহাসিক বুলি ব্যংগ কৰিছে৷ উল্লেখনীয় যে বাদানুবাদৰ মাজতে কার্যতঃ বৈঠক এৰি ওলাই গিছিল জেলেনস্কি৷ দুয়োগৰাকী শীর্ষ নেতাৰ যৌথ সংবাদ মেলো বাতিল হৈ যায়৷ ইয়াৰ পিছতে তাৎপর্যপূর্ণভাৱে সংবাদ মাধ্যমক ট্রাম্পে জনায় যে পুটিনে শান্তি বিচাৰিলেও জেলেনস্কিয়ে শান্তি নিবিচাৰে৷ লক্ষণীয়ভাৱে ৰাছিয়াই এই বৈঠক ব্যর্থ হোৱাৰ পিছত জেলেনস্কিক ব্যংগ কৰিছে যদিও ইউৰোপীয় ৰাষ্ট্রসমূহে কিন্তু ইউক্রেইনৰ শীর্ষ নেতাগৰাকীৰ পক্ষত মতপোষণ কৰিছে৷ জার্মানী, ফ্রান্স, ইটালী, ডেনমার্ক, ইউৰোপীয় আয়োগ, মলডোভা, স্পেইন, নেদাৰলেণ্ড, পোলেণ্ড, চেক গণৰাজ্য আদিয়ে ইউক্রেইনৰ শীর্ষ নেতাগৰাকীয়ে কোনো ভুল কৰা নাই বুলি উল্লেখ কৰিছে৷ আনকি তিনি বছৰীয়া যুদ্ধত এই দেশসমূহে ৰাছিয়াক আগ্রাসী বুলি অভিহিত কৰিছে৷ ইউক্রেইনে ৰাছিয়াৰ আগ্রাসনক প্রতিৰোধ কৰিবলৈ যুঁজিব লগা হৈছে বুলিও এই দেশসমূহৰ শীর্ষ নেতাসকলে দাবী কৰিছে৷ ইউক্রেইনত দীর্ঘস্থায়ী শান্তিৰ বাবে চেষ্টা চলাব লাগিব বুলি জার্মানীৰ চেন্সেলৰ ওলাফ স্কলজে মন্তব্য কৰিছে৷ প্রতিখন ইউৰোপীয় দেশে এই সময়ত ইউক্রেইনৰ পক্ষত থাকিব বুলি ঘোষণা কৰিছে৷ অর্থাৎ হোৱাইট হাউছৰ বৈঠকৰ ব্যর্থতাৰ পিছতে এটা কথা স্পষ্ট হৈ পৰিছে যে ইউৰোপৰ সৈতে আমেৰিকাৰ সংঘাত বৃদ্ধি পাব৷

You might also like