নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু মাত্র ২ সপ্তাহৰ অপেক্ষা, ক’ৰোনাৰ ভেকচিন বজাৰলৈ অনাৰ দাবী ৰাছিয়াৰ

নিয়মীয়া বাৰ্তা,  ২৯ জুলাই : সমগ্র বিশ্বই সম্প্রতি ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রতিষেধকৰ বাবে প্রতীক্ষা কৰিছে৷ ইতিমধ্যে গৱেষকসকলে ক’ৰোনাৰ ভেকচিনক লৈ আশাৰ বতৰা প্রেৰণ কৰিছে৷ চলিত বর্ষৰ সমাপ্তিৰ পূর্বে নহ’লেও ২০২১ চনৰ আৰম্ভণিতে ঔষধৰ বজাৰত ক’ৰোনাৰ ভেকচিন উপলব্ধ হ’ব বুলি গৱেষণাৰ সৈতে জড়িত কেইবাটাও প্রতিষ্ঠানে নিশ্চয়তা প্রদান কৰিছে৷

কিন্তু এনে সময়তে ৰাছিয়াই দাবী কৰিছে যে আৰু মাত্ৰ ২ সপ্তাহৰ পাছতেই বজাৰলৈ আহিব ক’ৰোনা ভাইৰাছৰ প্রতিষেধক । সেই অনুসৰি আগষ্টৰ দ্বিতীয় সপ্তাহতেই প্রতিষেধক সাধাৰণ মানুহৰ বাবে বজাৰলৈ আহিব ।

জনা গৈছে, ৰাছিয়াত বৰ্তমান এই প্রতিষেধকৰ হিউমেন ট্রায়েলৰ দ্বিতীয় পৰ্যায়ত আছে।প্রতিষেধকৰ চূড়ান্ত অনুমোদন পালেই সর্বপ্রথমে প্ৰথম শ্ৰেণীৰ যোদ্ধা অৰ্থাৎ ফ্রন্টলাইনত থাকি সেৱা আগবঢ়োৱা স্বাস্থ্যকর্মীসকলৰ উপৰত এই টিকা প্রয়োগ কৰা হব ।

You might also like