নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাত ১,৪৭৫ ইউক্রেইনী সেনা জোৱান নিহত

🔹 ২৪ ঘণ্টাত ১,৪৭৫ ইউক্রেইনী সেনা জোৱান নিহত

🔹 ডনবাছত ভয়াৱহ আক্রমণ ৰাছিয়াৰ

নিউজ ডেস্ক, ২৯ মে’ : ইউক্রেইনত ভয়াৱহ অভিযান অব্যাহত ৰাখিছে ৰাছিয়াই৷ যুদ্ধবিৰতি আৰু শান্তি আলোচনাৰ বাবে আমেৰিকা তথা ইউৰোপীয় দেশসমূহে দুয়োখন দেশক আহ্বান জনাই থকা সময়তে ৰাছিয়াই ইউক্রেইনত আক্রমণৰ তীব্রতা বৃদ্ধি কৰিছে৷ যুদ্ধৰ ১১৮৮তম দিনত পূব ইউক্রেইনৰ ডনবাছত নতুন এক জনপদ দখল কৰিছে ৰাছিয়াই৷ ৰাছিয়াই দাবী কৰা অনুসৰি, ২৪ ঘণ্টাৰ সামৰিক অভিযানত ইউক্রেইনৰ ১,৪৭৫জন সেনা জোৱান নিহত হৈছে৷ ৰুছ প্রতিৰক্ষা মন্ত্রালয়ৰ বিবৃতিত দাবী কৰা হৈছে যে ডনবাছ অঞ্চলৰ ষ্টাৰায়া নিকোলায়েভোকা জনবসতিমুক্ত কৰিছে ৰুছ সেনাই৷ ইউক্রেইন ভূখণ্ডৰ অংশ হ’লেও এই অঞ্চলৰ বাসিন্দাসকল জাতিগতভাৱে ৰুছ৷ ৰাছিয়ান সেনাই গঢ়ি তোলা মিলিছিয়ান সংগঠসমূহে সক্রিয়ভাৱে ৰাছিয়াৰ হৈ যুদ্ধ কৰি আহিছে৷ ইয়াৰ ফলত অঞ্চলটোৰ পৰা ইউক্রেইনী সেনাক ওভতাই পঠিওৱাটো সম্ভৱ হোৱা বুলি দাবী কৰিছে ৰুছ বাহিনীয়ে৷ বিহত কেইবা সপ্তাহ ধৰি ডনবাছ অঞ্চলত ৰুছ বাহিনী আৰু মিলিছিয়া গোটসমূহৰ তীব্র আক্রমণৰ বাবে ইউক্রেইনী সেনাই পিছ হুঁহকিবলগীয়া হৈছে৷ স্থলপথেৰে ইউক্রেইনী বাহিনীৰ ওপৰত আক্রমণ বৃদ্ধি কৰিছে ৰাছিয়াই৷ এইক্ষেত্রত মিলিছিয়াই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে৷ ইফালে, ডনবাছ অঞ্চলত স্থলভাগেৰে আক্রমণ তীব্রতৰ কৰাৰ উপৰি ৰাছিয়াই ইউক্রেইনৰ ৰাজধানী কিয়েভ, ছুমিসহ কেইবাখনো চহৰত ড্রোন আৰু ক্ষেপণাস্ত্রৰ আক্রমণ অব্যাহত ৰাখিছে৷ লক্ষণীয়ভাৱে আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্প আৰু ইউৰোপীয় নেতাসকলৰ নির্লিপ্ত ভূমিকাৰ বাবেই ৰুছ ৰাষ্ট্রপতি পুটিনে ইউক্রেইনৰ বিৰুদ্ধে অভিযান অধিক হিংস্র কৰি তোলা বুলি দাবী কৰিছে জেলেনস্কীয়ে৷ শেহতীয়া এই পৰিস্থিতিৰ মাজতো পুটিনে দাবী কৰিছে যে শান্তি আলোচনা আৰু যুদ্ধবিৰতিৰ প্রতি সদিচ্ছা নাই ইউক্রেইনৰ৷

You might also like