নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুছ বোমাবর্ষণত ইউক্রেইনত প্রাণ হেৰুৱাইছে ১৫৩টি শিশুৱে

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ইউক্রেইনত ৰাছিয়াই চলোৱা বোমাবর্ষণত এতিয়ালৈকে ১৫৩টি শিশু নিহত হোৱাৰ উপৰি অন্য ২৪৫টি গুৰুতৰভাৱে আহত হৈছে৷ লক্ষণীয়ভাৱে ইউক্রেইনৰ চৰকাৰী সূত্রই আজি সদৰী কৰিছে এই তথ্য৷ কিন্তু ৰাষ্ট্রসংঘৰ তথ্য অনুসৰি যুদ্ধবিধ্বস্ত ইউক্রেইনত আটাইতকৈ বেছি আক্রান্ত হৈছে শিশুসকল৷ এতিয়ালৈকে দেশখনৰ আধাতকৈও বেছিসংখ্যক শিশু গৃহহীন হৈছে৷

স্মর্তব্য যে বহু শিশুৱে প্রতিৱেশী দেশত গৈ আশ্রয় ল’বলগীয়া হৈছে৷ ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ ফলত বন্ধ হৈ পৰিছে ইউক্রেইনৰ শিক্ষানুষ্ঠানবোৰ৷ ইয়াৰ উপৰি হাস্পতালসমূহত যুদ্ধৰ আঁছোৰ পৰাৰ লগে লগে চিকিৎসা ব্যৱস্থা ধ্বংস হৈ পৰিছে দেশখনত৷ বিশ্বৰ ভিতৰতে চিকিৎসা ক্ষেত্রত উন্নত দেশ হিচাপে অন্যতম আছিল ইউক্রেইন৷ কিন্তু সেই দেশখনত এতিয়া বহু শিশুৱে চিকিৎসা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ আজি ইউক্রেইন চৰকাৰৰ এই তথ্যই সমগ্র পৃথিৱীত সৃষ্টি কৰিছে চাঞ্চল্য৷

You might also like