নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ ‘আটাইতকৈ সুন্দৰী বাইকাৰ’ টাটায়ানাৰ তুৰস্কত মৃত্যু

🔹 মিলাছ চহৰত ৰাছিয়ান সুন্দৰীৰে অঘটন

বিশেষ বাৰ্তা, ২৬ জুলাই : ৰাছিয়াৰ আটাইতকৈ সুন্দৰী বাইকাৰ টাটায়ানা ওজোলিনাৰ দুর্ঘটনাত মৃত্যু হৈছে৷ প্রিয় বিএমডব্লিউ বাইক লৈ তুৰস্ক ভ্রমণ কৰিছিল ৰাছিয়াৰ এই বিখ্যাত নেটপ্রভাৱী টাটায়ানাই৷ তুৰস্কত মর্মান্তিক দুর্ঘটনাত মৃত্যু হয় ৩৪ বছৰীয়া টাটায়ানাৰ৷ টাটায়ানা পৰিচিত আছিল ‘ৰাছিয়াৰ আটাইতকৈ সুন্দৰী’ বাইকাৰ হিচাপে৷ এখন ট্রাকৰ সৈতে সংঘর্ষত মৃত্যু হয় টাটায়ানা ওজোলিনাৰ৷ উল্লেখনীয় যে সুন্দৰী এই বাইকাৰক প্রায়েই ছ’চিয়েল মিডিয়াত নতুন নতুন ৰূপত দেখিবলৈ পোৱা গৈছিল৷ সঘনে ছ’চিয়েল মিডিয়াত টাটায়ানাৰ ৰূপক লৈ হৈছিল চর্চা৷ ছ’চিয়েল মিডিয়াত টাটায়ানা ‘মোটোটানায়া’ নামেৰেও পৰিচিত আছিল৷ টাটায়ানাৰ ফ’লোৱাৰৰ সংখ্যাও আছিল প্রচুৰ৷ সুন্দৰী এই বাইকাৰগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰিছে তেওঁৰ অসংখ্যা অনুৰাগীয়ে৷ ইউটিউবত টাটায়ানাৰ যি চেনেল আছিল, তাৰ ছাবস্ক্রাইবাৰৰ সংখ্যা আছিল ২০ লাখৰো বেছি৷ ইনষ্টাগ্রামত এই ব্ল’গাৰগৰাকীৰ ফ’লোৱাৰৰ সংখ্যাই ১০ লাখ অতিক্রম কৰিছিল৷ বাইকেৰে বিদেশ ভ্রমণ কৰাটো আছিল টাটায়ানাৰ নিচা৷ বিভিন্ন দেশলৈ ঘূৰিবলৈ যোৱাৰ ভিডিঅ’ বা ব্লগ বনাই ইউটিউবত পোষ্ট কৰিছিল৷ ইয়াৰ পৰাই আয় কৰিছিল কোটি কোটি টকা৷ মটৰচাইকেল এডভান্সাৰৰ বাবে বিশ্বব্যাপী পৰিচিত আছিল ৰাছিয়ান এই সুন্দৰী৷ ভিডিঅ’ প্রস্তুত কৰাৰ বাবে অন্য দেশৰ বাইকাৰসকলেও টাটায়ানাৰ সৈতে জোঁটবন্ধন কৰিছিল৷ ইনষ্টাগ্রামৰ শেষৰ পোষ্ট এটাত টাটায়ানাই জনাইছিল যে তেওঁক ইউৰোপত প্রৱেশৰ অনুমতি দিয়া হোৱা নাই৷ ইয়াৰ পিছতে সুন্দৰী বাইকাৰগৰাকীয়ে তুৰস্কৰ দিশলৈ ৰাওনা হয়৷ তুৰস্কলৈ যোৱাৰ পূর্বে গ্রীচৰ বিভিন্ন অঞ্চল খোজকাঢ়ি ঘূৰি ফুৰিবলগীয়া হৈছিল টাটায়ানাই৷ কাৰণ গ্রীচত মটৰচাইকেল চলোৱাৰ অনুমতি দিয়া হোৱা নাছিল টাটায়ানাক৷ শেষত তুৰস্কৰ মিলাছৰ ওচৰত এখন ট্রাকৰ সৈতে হোৱা দুর্ঘটনাত টাটায়ানাই শেষ নিশ্বাস ত্যাগ কৰে৷

You might also like