নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াৰ ‘ৱাগনাৰ গ্ৰুপ’

🔹 লেবাননৰ হিজবুল্লাক দিলে এছএ–২২ ক্ষেপণাস্ত্র

বিশেষ বাৰ্তা, ৪ নৱেম্বৰ : হামাছ আৰু ইজৰাইলৰ যুদ্ধ আৰব বিশ্বলৈ সম্প্রসাৰণ ঘটাৰ আশংকাই দেখা দিছে৷ এই যুদ্ধত চামিল হ’বলৈ আগবাঢ়িছে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ একালৰ ভাৰাতীয়া বাহিনী ৱাগনাৰ গ্রুপ ৷ লেবাননৰ সশস্ত্র চিয়া সংগঠন হিজবুল্লাক আধুনিক ক্ষেপণাস্ত্র দিছে হামাছে৷ আমেৰিকাৰ এক প্রতিবেদন অনুসৰি লেবাননৰ সশস্ত্র সংগঠনটোৱে ইতিমধ্যে ইজৰাইলৰ বিৰুদ্ধে সীমান্তত আৰম্ভ কৰিছে যুদ্ধৰ কুচকাৱাজ৷ ইৰানপুষ্ট হিজবুল্লাক ৱাগনাৰ বাহিনীয়ে এছএ–২২ বিমান বিধ্বংসী ক্ষেপণাস্ত্র দিয়া বুলি আমেৰিকাৰ চোৰাংচোৱা সূত্রই সদৰী কৰাৰ লগে লগে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ভয়াৱহ হ’ব বুলি আশংকা কৰা হৈছে৷ লক্ষণীয়ভাৱে হিজবুল্লাই পূর্বেই নৈতিক সমর্থন লাভ কৰি থৈছে ৰুছ ৰাষ্ট্রপতি পুটিনৰ৷ এইবাৰ ৱাগনাৰ বাহিনীয়ে হিজবুল্লাৰ সৈতে লগ হৈ ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত চামিল হ’লে এই যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰিব৷ পূর্বে ৰাছিয়াই হিজবুল্লাক প্রদান কৰিছে স্কাড, গ্রাড, কাটাছুৰ আদি ক্ষেপণাস্ত্র৷ ইফালে হিজবুল্লাৰ নেতা হাছান নাছাৰাল্লাই লেবাননৰ বেইৰুটত হাজাৰ হাজাৰ সমর্থকৰ সন্মুখত হামাছৰ আক্রমণক সমর্থন কৰাৰ লগে লগে ইজৰাইলী বাহিনীয়ে লেবানন সীমান্তত জাৰি কৰিছে সতর্কতা৷

You might also like