নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্ৰিকেট দলত ৰিয়ানৰ স্থান লাভ !

🔹 বিশ্বকাপৰ পিছতে অষ্ট্রেলিয়াৰ বিপক্ষে টি–২০ শৃংখলা

বিশেষ বাৰ্তা, ৭ নৱেম্বৰ : বিশ্বকাপৰ পিছতেই এই মাহৰ শেষৰ ফালে ভাৰতে অষ্ট্রেলিয়াৰ বিপক্ষে পাঁচখনীয়া টি–২০ শৃংখলাত অৱতীর্ণ হ’ব৷ অহা বছৰ অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ বাবে গুৰুত্বপূর্ণ হৈ পৰা এই শৃংখলাত ভাৰতীয় দলত অসমৰ তাৰকা বেটাৰ ৰিয়ান পৰাগে স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ চলিত মুস্তাক আলী ক্রিকেটত একেৰাহে ৭টা অর্ধ শতৰান কৰি বিশ্বাভিলেখ স্থাপন কৰা ৰিয়ানৰ বেটিঙে বিশেষজ্ঞসকলৰ দৃষ্টি আকর্ষণ কৰিছে৷ তদুপৰি ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাটোত ভাৰতীয় দলৰ কেইবাগৰাকী প্রথম শ্রেণীৰ খেলুৱৈ ক্রমে বিৰাট কোহলি, ৰোহিত শর্মা, কে এল ৰাহুল, শুভমন গিল, মহম্মদ চিৰাজ, কুলদীপ যাদৱ আৰু মহম্মদ ছামীক জিৰণি দিয়াৰ সম্ভাৱনা আছে৷ ভাৰতীয় সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি ভাৰতীয় দলটোত অসম সন্তান ৰিয়ান পৰাগক দলভুক্ত কৰাৰ প্রবল সম্ভাৱনা আছে৷ সেয়া হ’লে ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত খেলি থকা ৰিয়ানে অসমৰ ক্রিকেটত ইতিহাস সৃষ্টি কৰিব৷ কিয়নো, এই পর্যন্ত অসমৰ কোনো পুৰুষ ক্রিকেটাৰে ভাৰতীয় ৰাষ্ট্রীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে উমা চেত্রীয়ে ভাৰতৰ মহিলা দলত স্থান লাভ কৰি ইতিমধ্যে ইতিহাস সৃষ্টি কৰাৰ লগতে এছিয়ান গেমছত স্বর্ণ পদকৰ সমভাগী হৈছে৷

You might also like