ভাৰত–পাক -ৰ মাজত হাইফেন ব্যৱহাৰ নকৰিব
🔹 ভাৰত–পাক -ৰ মাজত হাইফেন ব্যৱহাৰ নকৰিব
🔹 ইণ্ডোনেছিয়াত ভাৰতীয় সম্প্রদায়ক সম্বোধন ছলমান খুৰছিদৰ
নিউজ ডেস্ক, ১ জুন : ভাৰত আৰু পাকিস্তানৰ মাজত হাইফেন ব্যৱহাৰ কৰাটো নিবিচাৰোঁ৷ কিয়নো, পাকিস্তানৰ লগত ভাৰতৰ আকাৰ আৰু স্থিতি একোৱেই নিমিলে৷- এই মন্তব্য ভাৰতৰ প্রাক্তন বৈদেশিক মন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা ছলমান খুৰছিদৰ৷ সন্ত্রাসবাদক লৈ ভাৰতৰ শূন্য সহনশীল নীতি আৰু অপাৰেচন সিন্দূৰৰ সফলতাক লৈ বিশ্ব মঞ্চ ভ্রমণ কৰি থকা সর্বদলীয় সাংসদৰ প্রতিনিধি দলৰ অংশ হিচাপে ইণ্ডোনেছিয়াত ভাৰতীয় সম্প্রদায়ৰ সৈতে বার্তালাপৰ সময়ত এই গুৰুত্বপূর্ণ মন্তব্য কৰে ছলমান খুৰছিদে৷ ভাৰতীয় সম্প্রদায়ৰ সৈতে বার্তালাপৰ সময়ত প্রাক্তন বৈদেশিক মন্ত্রী খুৰছিদে কয়– আপোনালোকে সুধিছে কিয় হঠাতে যুদ্ধ বন্ধ হ’ল? কিয় আমি যুদ্ধ বন্ধ কৰিলোঁ? আমি পাকিস্তান নহয়৷ আমি সেই দেশতকৈ বহুত ডাঙৰ৷ বিশ্বত আমাৰ বৃহৎ ভূমিকা আছে৷ আমি আমাৰ শক্তিকেই কেৱল সন্মান নকৰোঁ, আমি আমাৰ শক্তিৰ ওপৰত বিশ্বাস দেখুৱাও৷ আমি পাকিস্তানক উচিত শিকনি দিলোঁ আৰু আমি বন্ধ কৰিলোঁ৷ কিয়নো, আমি পাকিস্তানৰ দৰে লুভীয়া নহয়৷ তেওঁলোকৰ ভূখণ্ড ধ্বংস নকৰোঁ৷ আমি কেৱল নিজৰ সুৰক্ষা বিচাৰোঁ৷ আমি বিশ্বক নেতৃত্ব দিব বিচাৰোঁ৷ পাকিস্তানৰ আকাৰ আৰু স্থিতিতকৈ আমাৰ দেশ পৃথক৷ গতিকে আমি ভাৰত আৰু পাকিস্তানৰ মাজত হাইফেন দিয়াটো নিবিচাৰোঁ৷ পৃথকভাৱে আলোচনা কৰা উচিত৷ আমাৰ বহুমুখীয় সংস্কৃতিৰ সৌন্দর্য, আমি কিদৰে একেলগে বসবাস কৰি আছোঁ, আমি কিদৰে বৈচিত্র্যময় ভাৰতত বিভিন্ন ধর্মীয় সম্প্রদায়ৰ লোক একেলগে উদযাপন কৰি আছোঁ, আমি দেশপ্রেমী যে তাক প্রমাণিত কৰিছোঁ৷ আমি মানৱতাক বিশ্বাস কৰোঁ৷ আমাৰ দেশেই আমাৰ মাতৃ৷ আমি আমাৰ দেশক বিশ্বাস কৰোঁ৷