নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাস্পতালত প্রেয়সীৰে বিয়া পাতিলে ক’ৰোনা সুস্থ ৰোগীয়ে

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: ক’ভিড–১৯–এ সৃষ্টি কৰা অনিশ্চয়তাৰ মাজতে চিকিৎসালয়ৰ বিছনাতে এগৰাকী ক’ৰোনা সুস্থ ৰোগীয়ে প্রেয়সীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল৷ বিবাহৰ দিন ধার্য কৰাৰ পিছতে ক’ভিড–১৯ত আক্রান্ত হোৱা কার্লোছ মুনিজ নামৰ ব্যক্তিজনে মেথ’ডিষ্ট হাস্পতালত ভর্তি হ’বলগীয়া হয়৷ মাহজোৰা চিকিৎসাৰ অন্তত মুনিজ ক’ৰোনাৰ পৰা মুক্ত হোৱাৰ পিছতেই নিজৰ প্রেয়সীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ মন মেলিলে আৰু চিকিৎসালয় কর্তৃপক্ষই তেওঁলোকক বিবাহৰ অনুমতি দিয়ে৷

চিকিৎসালয় কর্তৃপক্ষৰ সম্পূর্ণ সহযোগ আৰু সমর্থনত বিছনাত থকা প্রেমিক মুনিজে প্রেমিকা গ্রেছৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰে৷ উল্লেখ্য যে চিকিৎসালয়ত মৃত্যুমুখৰ পৰা উভতি অহা মুনিজক লৈ কর্তৃপক্ষও উৎসাহিত হৈ এই বিবাহত অনুমতি দিয়ে৷ ক’ভিডে সলনি কৰা জীৱনশৈলীয়ে এনে এক অভিনৱ ঘটনা সংঘটিত কৰাত অনুপ্রেৰণা যোগালে

You might also like