ডাউদৰ নিলাম হোৱা সম্পত্তিত ‘সনাতনী হিন্দু পাঠশালা’
🔹 অধিবক্তা অজয় শ্রীবাস্তৱৰ ঘোষণা
বিশেষ বাৰ্তা, ৭ জানুৱাৰী : মুম্বাইত শেহতীয়াকৈ নিলাম হোৱা কুখ্যাত মাফিয়া ডাউদ ইব্রাহিমৰ বাসগৃহ ভাঙি এইবাৰ সেই স্থানত নির্মাণ কৰা হ’ব সনাতনী হিন্দু পাঠশালা৷ সনাতন সংস্কৃতিৰ শিক্ষা দিয়া হ’ব শিশুসকলক৷ কোটি টকা মূল্যত ক্রয় কৰা এই ডাউদৰ বাসগৃহ ভাঙি ইয়াৰ বর্তমানৰ মালিকে সনাতনী হিন্দু বিদ্যালয় গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছে৷ উল্লেখনীয় যে প্রখ্যাত অধিবক্তা তথা শিৱসেনাৰ প্রাক্তন নেতা অজয় শ্রীবাস্তৱে ক্রয় কৰিছে ডাউদ ইব্রাহিমৰ সম্পত্তি৷ এই সম্পত্তি ক্রয় কৰাৰ পিছতে অজয় শ্রীবাস্তৱে তেওঁৰ সনাতন ধর্ম পাঠশালা ন্যাসৰ অধীনত ডাউদৰ সম্পত্তিত বিদ্যালয় গঢ়া হ’ব বুলি ঘোষণা কৰিছে৷