নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীত : ছৌদি আৰবৰ প্রান্তে প্রান্তে প্রবল বৰষুণ–বৰফৰ দলিচা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ আশ্চর্যকৰ মৰুভূমিৰ দেশ ছৌদি আৰবত প্রবল বৰষুণ আৰু বৰফৰ দলিচা৷ ইতিহাসত প্রথমবাৰৰ বাবে ছৌদি আৰবৰ কিছু প্রান্তত প্রবল বৰষুণ আৰু প্রচণ্ড তুষাৰপাত পৰিছে৷ শীতকাল আগমনৰ পূর্বেই মৰুৰ দেশ ছৌদি আৰবত প্রবল বৰষুণ আৰু বৰফৰ দলিচা পৰা ঘটনাই সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে৷ অল জফ অঞ্চলত প্রবল বৰষুণ আৰু তুষাৰপাতে সাধাৰণ নাগৰিকক বিস্ময়কৰ অভিজ্ঞতাৰ সাক্ষী কৰিছে৷ জলবায়ু পৰিৱর্তনে পৃথিৱীৰ বিভিন্ন প্রান্তত নোহোৱা–নোপজা ঘটনা সংঘটিত কৰি আছে৷ ছৌদি আৰবৰ কার্যকলাপো জলবায়ু পৰিৱর্তনৰেই পৰিণাম৷ ছৌদি প্রেছ এজেঞ্চীয়ে দেশখনৰ বিভিন্ন প্রান্তত ইতিহাসত প্রথমবাৰৰ বাবে তুষাৰপাত আৰু বৰষুণ হোৱা বুলি বাতৰি প্রচাৰ কৰিছে৷ লক্ষণীয় যে বতৰ বিজ্ঞান বিভাগেও অল জফকে ধৰি কিছু প্রান্তৰ পৰৱর্তী দিনকেইটাৰ প্রবল বৰষুণৰ লগতে প্রচণ্ড তুষাৰপাতৰ আগজাননী প্রকাশ কৰিছে৷ তাৎপর্যপূর্ণ যে জলবায়ু পৰিৱর্তনৰ বাবে অস্বাভাৱিক বতৰৰ সন্মুখীন ছৌদি আৰব হোৱাৰ পূর্বেই সংযুক্ত আমিৰ শ্বাহীতো যোৱা ১৪ অক্টোবৰত প্রবল বৰষুণ, তুষাৰপাত আদিৰ আগজাননী জাৰি কৰিছিল দেশখনৰ বতৰ বিজ্ঞান কেন্দ্রই৷ সামাজিক মাধ্যমত এগৰাকী ব্যক্তিয়ে প্রকাশ কৰা মতে বিশ্বই আজি আশ্চর্যান্বিত হ’ব৷ ছৌদি আৰবৰ অল জফ অঞ্চলত ইতিহাসত প্রথমবাৰৰ বাবে বৰফ পৰিছে৷ পৰম্পৰাগত দেশখনৰ প্রাকৃতিক পৰিদৃশ্য সলনি কৰি দিছে৷ অভাৱনীয় তুষাৰপাত আৰু প্রবল বৰষুণ৷ আনপিনে ছৌদি আৰবৰ অল জফ অঞ্চলৰ বাসিন্দাই এক অভিনৱ অভিজ্ঞতাৰ সন্মুখীন হোৱাৰ লগতে অঞ্চলটোত নতুন অধ্যায়ৰ সৌন্দর্য দেখিবলৈ পাইছে৷ শীতকালত বিশ্বৰ বিভিন্ন প্রান্তত আকর্ষণীয় বৰফৰ দলিচা দেখি মোহিত হোৱা ছৌদি আৰবৰ বাসিন্দাই নিজৰ ভূমিতো দেখিবলৈ পালে সেই পৰিদৃশ্য৷

You might also like