চন্দ্রপৃষ্ঠত খেতিৰ সমলঃ এপল’ মহাকাশ যানে জোনবাইৰ পৰা কঢ়িয়াই অনা ভূমিত গজিছে গছপুলি
নিয়মীয়া বাৰ্তা, ১৪ মেঃ মহাকাশৰ গৱেষণাত এক অভাৱনীয় সফলতা লাভ কৰিলে বিজ্ঞানীয়ে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছা আৰু ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আৰু গৱেষকৰ দলে চন্দ্রৰ পৰা অনা মাটিত গছৰ পুলি গজাই ইতিহাস গঢ়াই নহয়, চন্দ্রক লৈ চলাই থকা গৱেষণাত এক আশাৰ সঞ্চাৰ কৰিলে৷ কার্যতঃ চন্দ্রপৃষ্ঠত কৃষিৰ সম্ভাৱনা–সমলক প্রকট কৰি তোলা গৱেষকৰ এই সাফল্যই বিশ্বজুৰি মহাকাশ বিজ্ঞানী–গৱেষকক উৎসাহিত কৰি তুলিছে৷ মহাকাশত বিজ্ঞানী আৰু গৱেষকে মহাকাশচাৰীৰ জৰিয়তে পৃথিৱীৰ পৰা মাটি আৰু বীজ লৈ গৈ শাক–পাচলি ৰোপণত সফলতা লাভ কৰাৰ পাছতেই চন্দ্রৰ পৰা অনা মাটিত গছৰ পুলি গজাই ইতিহাস গঢ়াই নহয়, মহাকাশ বিজ্ঞানত নতুনত্বৰ জোৱাৰ আনিলে৷
আমেৰিকা যুক্তৰাষ্ট্রৰ নেতৃত্বত ১৯৬৯–১৯৭২ চনৰ এপল’ অভিযানৰ সময়ত চন্দ্রৰ পৰা সংগ্রহ কৰি অনা ধূলিৰ ক্ষুদ্র নমুনাৰ ওপৰত গৱেষণা চলাই নাছা আৰু ফ্ল’ৰিডা বিশ্ববিদ্যালয়ে এই ধূলিৰ কণিকাতেই গছপুলি গজাবলৈ সক্ষম হৈছে৷ এপল’–১১, ১২ আৰু ১৭ অভিযানৰ সময়ত নাছাৰ বিজ্ঞানীয়ে চন্দ্রৰ পৰা শিলাময় মাটি, ধূলিকে ধৰি বিভিন্ন পদার্থ ৩৮২ কিলোগ্রাম লৈ উভতি আহিছিল৷ এই মাটি আৰু ধূলিৰ ওপৰত বিজ্ঞানীসকলে কৃষিকর্ম সম্ভৱ হয় নে নহয়, তাক লৈ বিগত বছৰ বছৰ ধৰি চলাই থকা গৱেষণাই অৱশেষত সফলতা লাভ কৰিলে৷
তথ্য মতে, ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে পৰীক্ষণমূলকভাৱে চন্দ্রৰ পৰা অনা মাত্র ১ গ্রাম মাটিত গৱেষণাৰ বাবে গছৰ বীজ ৰোপণ কৰে আৰু ইয়াৰ পৰাই বীজ গজালি মেলি পুলি হিচাপে বাঢ়িবলৈ ধৰে৷ বিজ্ঞানীৰ দলটোৱে ৰোপণ কৰা গছৰ পুলিবিধৰ নাম হৈছে আৰাবিড’পছিছ৷ এইবিধ গছ মাষ্টার্ড গ্রীনছ প্রজাতিৰ অন্যতম৷ নাছাই যোৱা ১২ মে’ত প্রকাশ কৰা বিবৃতিত চন্দ্রৰ পৰা অনা মাটিৰ নমুনাত গছৰ পুলি গজাবলৈ সক্ষম হৈছে বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ চন্দ্রৰ মাটিত বীজ ৰোপণ কৰাৰ দুদিন পাছতেই এই বীজটোৰ পৰা গজালি মেলিবলৈ আৰম্ভ কৰে আৰু বিজ্ঞানীসকল হতবাক হৈ পৰে৷
ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ উদ্যানশস্য বিজ্ঞানৰ অধ্যাপক আন্না লিছা প’লে প্রকাশ কৰা মতে, এই সাফল্য তেওঁলোকে ভাষাৰে বুজাব নোৱাৰে৷ চন্দ্রৰ মাটিত গছপুলি বৃদ্ধি হোৱা প্রক্রিয়াটো পৃথিৱীৰ তুলনাত কিছু লেহেমীয়া৷ মন কৰিবলগীয়া যে পৃথিৱীৰ পৰা মহাকাশলৈ গৈ মানুহে বসতি স্থাপন কৰাৰ কল্প বিজ্ঞানৰ ধাৰণাটো যেন লাহে লাহে বাস্তৱৰ দিশে আগবাঢ়ি গৈ আছে৷ তেনে এক ধাৰণাই এতিয়া মহাকাশত নতুন নতুন উদ্ভাৱনে প্রতিফলিত কৰিছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে নাছাই ১৯৭২ চনৰ পাছত ২০২৫ চনত চন্দ্রৰ ভূমিত মানৱ অৱতৰণৰ পৰিকল্পনা কৰি আছে৷ গৱেষণাগাৰত চন্দ্রৰ ভূমিত গছৰ পুলি গজাবলৈ সক্ষম হোৱা সফলতাই পৰৱর্তী সময়ত চন্দ্রপৃষ্ঠত কৃষিকার্য সম্পাদনৰ এক দুৰন্ত আশা জগাই তুলিছে৷