নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত থকাৰ অনুমতি বিচাৰি ৰাষ্ট্রপতি দ্রৌপদী মুর্মুলৈ আবেদন সীমাৰ

📌 প্রেমিক শচীনক এৰিব নোৱাৰে পাক বোৱাৰীয়ে
বিশেষ বাৰ্তা, ২৩ জুলাই : ক্ষমা বিচাৰি এইবাৰ ভাৰতৰ ৰাষ্ট্রপতি দ্রৌপদী মুর্মুলৈ আবেদন জনালে প্রেমৰ বাবে পাকিস্তানৰ পৰা পলাই অহা বোৱাৰী সীমা হাইদৰে ৷ ৰাষ্ট্রপতি মুর্মুলৈ জনোৱা আবেদনত সীমাই উল্লেখ কৰিছে যে সন্তানকেইটাক লৈ তেওঁক ‘শহুৰৰ ঘৰ’ত থাকিবলৈ অনুমতি দিব লাগে ৷ উত্তৰ প্রদেশৰ গ্রেটাৰ নয়ডাৰ প্রেমিক শচীন মিনাৰ সৈতে থকাৰ আবেদন জনাইছে সীমাই ৷ কালি অধিবক্তাৰ জৰিয়তে আবেদনো দাখিল কৰিছে মিনাই ৷ এই আবেদনত ৰাষ্ট্রপতিৰ ওচৰত গোচৰৰ মৌখিক শুনানিৰ অনুৰোধ জনোৱা হৈছে ৷ আদালতত সীমা হাইদৰৰ হৈ গোচৰটোত প্রতিনিধিত্ব কৰিছে অধিবক্তা এপি সিঙে ৷

You might also like