নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা পৰিয়ালৰ ৩৫ ভোটাৰৰ বাবে সুকীয়া ভোটকেন্দ্র

🔹 ৰাজস্থানৰ ‘বাৰমেৰ কা পাৰ’ৰ বাসিন্দাক সকাহ

বিশেষ বাৰ্তা, ১০ নৱেম্বৰ : পাকিস্তান সীমান্ত প্রত্যন্ত গাঁও এখনৰ বাসিন্দা মাত্র ৩৫জন৷ ৰাজস্থানৰ এই গাঁৱৰ বাসিন্দাসকলৰ বাবে পৃথক ভোটকেন্দ্র স্থাপন কৰিছে নির্বাচন আয়োগে৷ আগন্তুক ২৫ নৱেম্বৰত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব ৰাজস্থানত৷ দীর্ঘদিন ধৰি মৰু ৰাজ্যখনৰ বাৰমেৰ জিলাৰ এই গাঁওখনৰ বাসিন্দাসকলে প্রায় ২০ কিলোমিটাৰ দূৰলৈ গৈ ভোটদান কৰিবলগীয়া হৈছিল৷ নির্বাচন আয়োগৰ উদ্যোগৰ বাবে প্রথমবাৰলৈ গাঁওখনৰ বাসিন্দাসকলে ভোটদানৰ সুযোগ পাব নিজৰ গাঁওতে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথা হৈছে গাঁওখনৰ এই বাসিন্দা ৩৫গৰাকী একেটা পৰিয়ালৰে সদস্য৷ নির্বাচন আয়োগৰ নথিত নাম থকা ৩৫গৰাকী ভোটাৰৰ ভিতৰত ১৮জন পুৰুষ আৰু ১৭গৰাকী মহিলা৷ পাক সীমান্তৱর্তী এই গাঁওখন স্থানীয় লোকসকলৰ ওচৰত ‘বাৰমেৰ কা পাৰ’ নামেৰে পৰিচিত৷ যোগাযোগ ব্যৱস্থা অনুন্নত হোৱা বাবে গাঁওখনৰ ভোটাৰসকলে উটৰ পিঠিত উঠি নাইবা খোজকাঢ়ি ভোট দিবলৈ যাবলগীয়া হৈছিল৷ আটাইতকৈ অসুবিধাৰ সন্মুখীন হৈছিল গাঁওখনৰ মহিলা তথা বয়োজ্যেষ্ঠ লোকসকল৷

You might also like