ৰাজস্থানত শোকাৱহ পথ দুর্ঘটনাত একে পৰিয়ালৰে ৭ সদস্যৰ প্রাণহানি
বিশেষ বাৰ্তা, ১৩ আগষ্ট : ৰাজস্থানত শোকাৱহ পথ দুর্ঘটনাত একেটা পৰিয়ালৰ সাত সদস্যৰ মৃত্যু হৈছে৷ মিনি ভেনত বিবাহ অনুষ্ঠানলৈ গৈছিল এই পৰিয়ালটো৷ ৰাজস্থানৰ দিদৱানা–কুছামান জিলাত সংঘটিত হৈছে এই মর্মান্তিক পথ দুর্ঘটনা৷ দুর্ঘটনাত ভেনখনত থকা পৰিয়ালটোৰ আটাইকেইগৰাকী সদস্য নিহত হয়৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, কালি ছিকৰ জিলাৰ পৰা নাগাউৰৰ এক বিবাহ অনুষ্ঠানত যোগ দিবলৈ গৈছিল পৰিয়ালটো৷ খুনখুনা থানাৰ অন্তর্গত অঞ্চলৰ বানথাড়ি নামৰ গাঁওখনত এখন বিপৰীত দিশৰ পৰা অহা বাছৰ সৈতে মুখামুখি সংঘর্ষত পতিত হয় ভেনখন৷ প্রচণ্ড খুন্দাৰ ফলত ভেনখন বিধ্বস্ত হৈ পৰে৷ গেছ কাটাৰেৰে গাড়ীৰ দর্জা কাটি ইয়াৰ ভিতৰত থকা আৰোহীসকলৰ দেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুজন৷