নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিএছএফৰ গুলীত নিহত সাত পাকিস্তানী সন্ত্রাসবাদী

🔹 কূটাঘাতৰ লক্ষ্যৰে ছাম্বাত প্রৱেশৰ চেষ্টা 🔹 গুৰুত্বপূর্ণ আন্তঃগাঁথনিত নিৰাপত্তা বৃদ্ধিৰ বাবে চিআইএছএফক নির্দেশ গৃহমন্ত্রীৰ

নিউজ ডেস্ক, ১০  মে’ : জম্মু–কাশ্মীৰৰ এলঅ’চি আৰু আন্তর্জাতিক সীমান্তত পাকিস্তানী সেনাই ধাৰাসাৰ গোলাবর্ষণৰ মাজতে ৭ পাকিস্তানী সন্ত্রাসবাদী-য়ে ভাৰতীয় ভূমিত অনুপ্রৱেশৰ চেষ্টা চলায়৷ পাক ৰেঞ্জার্ছৰ ধাৰাসাৰ গুলীবর্ষণৰ কৌশলৰ গইনাৰে সন্ত্রাসবাদীয়ে অনুপ্রৱেশ কৰিবলৈ চেষ্টা কৰোঁতেই বিএছএফে সন্ত্রাসবাদীকেইটাক গুলীয়াই হত্যা কৰে৷ জম্মু–কাশ্মীৰৰ চাম্বা ছেক্টৰত ৮–৯ মে’ৰ নিশা জম্মুৰ আন্তর্জাতিক সীমা সংলগ্ণ পথেৰে পাকিস্তানী সন্ত্রাসবাদীয়ে অনুপ্রৱেশ চলাবলৈ চেষ্টা কৰাটো ছার্ভিলেঞ্চ গ্রিডৰ দ্বাৰা ধৰা পেলায়৷ লগে লগে পহৰাৰত বিএছএফে সন্ত্রাসবাদীকেইটাক লক্ষ্য কৰি গুলীচালনা কৰে৷ সন্ত্রাসবাদী আৰু বিএছএফৰ মাজত হোৱা সংঘর্ষত পাকিস্তানৰ ৭টা সন্ত্রাসবাদী নিহত হয়৷ ইপিনে, সন্ত্রাসবাদীকেইটাক ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰাত সহায় কৰিবলৈ পাকিস্তানী ৰেঞ্জার্ছে ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ বিএছএফে পাকিস্তানী ৰেঞ্জার্ছৰ প্রত্যুত্তৰ দি ৰেঞ্জার্ছৰ ধনধৰ চকী বিধ্বস্ত কৰে৷ উল্লেখ্য যে বিগত কিছু বছৰ ধৰি জম্মুৰ ১৯৮ কিলোমিটাৰ দৈর্ঘ্যৰ আন্তর্জাতিক সীমান্তৰ চাম্বা ছেক্টৰৰ যোগেদি পাক সন্ত্রাসবাদীয়ে ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰে৷ এই তথ্য চোৰাংচোৱাৰ হাতত পৰাৰ পাছতেই উক্ত অঞ্চলত বিএছএফৰ তৎপৰতা আৰু নিৰীক্ষণ বৃদ্ধি কৰে৷ এই তৎপৰতাৰ পৰিপ্রেক্ষিততেই ৮–৯ মে’ৰ নিশা বিএছএফে ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰিব বিচৰা ৭ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয়৷ ধনধৰ চকীৰ পৰা পাক ৰেঞ্জার্ছে ভাৰতীয় সেনালৈ গুলী কৰি থাকি এই সন্ত্রাসবাদীকেইটাক অনুপ্রৱেশত সহায় কৰিছিল৷ বিএছএফে আক্রমণ কৰি পাক ৰেঞ্জার্ছৰ ধনধৰ চকীও উৰুৱাই দিয়ে৷

সকলো গুৰুত্বপূর্ণ আন্তঃগাঁথনিত নিৰাপত্তা বৃদ্ধি 

কৰিবলৈ চিআইএছএফক নির্দেশ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

ভাৰত–পাকিস্তানৰ সীমান্তত উত্তেজনা বৃদ্ধি পাই আছে৷ অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানে ভাৰতৰ চহৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰা ড্রোন ভাৰতীয় সেনাই প্রতিহত কৰিছে যদিও চিৰবৈৰী ৰাষ্ট্রখনৰ সেনাই সীমান্তত ধাৰাসাৰ গুলীবর্ষণেৰে উত্তেজনা অব্যাহত ৰাখিছে৷ সীমান্তত সৃষ্ট উত্তেজনাৰ পৰিপ্রেক্ষিততেই কালি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চমুকৈ চিআইএছএফক দেশজুৰি তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্বত থকা প্রতিষ্ঠানসমূহৰ আন্তঃগাঁথনিত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে চিআইএছএফে দেশজুৰি বিমানবন্দৰ, শক্তি প্রকল্প, পাৰমাণৱিক প্রতিষ্ঠান, মহাকাশ গৱেষণা প্রতিষ্ঠান আৰু চৰকাৰৰ গুৰুত্বপূর্ণ অট্টালিকাসমূহৰ নিৰাপত্তাৰ দায়িত্বত আছে৷ চিৰবৈৰী ৰাষ্ট্রখনে এনে আন্তঃগাঁথনিৰ ওপৰত আক্রমণ কৰাৰ লগতে আভ্যন্তৰীণভাৱেও সন্ত্রাসবাদীৰ দ্বাৰা আক্রমণ সংঘটিত কৰিব পাৰে৷ ইয়াৰ বাবেই কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে এনে গুৰুত্বপূর্ণ আন্তঃগাঁথনিসমূহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ লগতে কটকটীয়া কৰি তুলিবলৈ নির্দেশ দিছে৷ গৃহমন্ত্রী শ্বাহে কালি দিনত বিএছএফৰ সঞ্চালকপ্রধান, চিআইএছএফৰ সঞ্চালকপ্রধান আৰু গৃহ মন্ত্রালয়ৰ শীর্ষ বিষয়াৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকতো মিলিত হয়৷ এই বৈঠকখনত সীমান্তৰ পৰিস্থিতি সন্দর্ভত বিতং আলোচনা কৰাৰ লগতে বিমানবন্দৰৰ নিৰাপত্তা ব্যৱস্থাক লৈ পর্যালোচনা চলোৱা হয়৷ উল্লেখ্য যে পাকিস্তানে পশ্চিম প্রান্তৰ সীমান্তৰ সামৰিক প্রতিষ্ঠানকে ধৰি বিমানবন্দৰ আৰু বিভিন্ন গুৰুত্বপূর্ণ আন্তঃগাঁথনিক লক্ষ্য কৰি ড্রোন আক্রমণ চলাইছিল যদিও ভাৰতীয় সেনাই এই আক্রমণ সম্পূর্ণভাৱে ব্যর্থ কৰে৷ এই আক্রমণৰ প্রতি লক্ষ্য ৰাখিয়েই চিআইএছএফক নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিবলৈ নির্দেশ দিয়ে গৃহমন্ত্রী শ্বাহে৷

You might also like