নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্পেইনত নৈশ ক্লাবত অঘটন : সাতজনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ১ অক্টোবৰ : ইউৰোপীয় দেশ স্পেইনৰ দক্ষিণ–পূব প্রান্তৰ চহৰ মুৰিচিয়াৰ এটা নৈশ ক্লাবত সংঘটিত ভয়াৱহ অগ্ণিকাণ্ডত কমপক্ষেও সাতগৰাকী লোক নিহত হৈছে৷ স্পেইনৰ প্রশাসনে এই তথ্য সদৰী কৰিছে৷ আটালায়াছ অঞ্চলত অৱস্থিত জনপ্রিয় থিয়েটাৰ নৈশ ক্লাবটোত কালি সন্ধিয়া স্থানীয় সময় অনুসৰি ৬ বজাত এই অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ এই ঘটনাত অন্য কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হৈছে৷ গতিকে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে আৰক্ষী তথা হাস্পতাল কর্তৃপক্ষই৷ অগ্ণিকাণ্ডৰ পিছতে কেইবাগৰাকীও লোক সন্ধানহীন হৈ পৰা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ সন্ধানহীন লোকসকলক উদ্ধাৰৰ বাবে কেইবাটাও বাহিনীয়ে অভিযান চলাই থকা বুলি চহৰখনৰ মেয়ৰ যোছে বালেষ্টাই সংবাদ মাধ্যমক জনাইছে৷

You might also like