নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহৎ কূটাঘাতৰ লক্ষ্যৰে পঞ্জাবৰ পাঠানকোটত প্রৱেশ সাত সন্ত্রাসবাদীৰ

🔹 সেনা–আৰক্ষীৰ ৰেড এলার্ট জাৰি : ছবি মুকলি কৰিলে প্রশাসনে

বিশেষ বাৰ্তা, ২৫ জুলাই : পঞ্জাবৰ পাঠানকোটত আকৌ ভয়াৱহ কূটাঘাতৰ ষড়যন্ত্র ৰচিছে সন্ত্রাসবাদীয়ে৷ ৭ সন্ত্রাসবাদীয়ে পাঠানকোটত প্রৱেশ কৰাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে সষ্টম হৈ পৰিছে নিৰাপত্তা বাহিনী৷ ইতিমধ্যে পাঠানকোটত চূড়ান্ত সতর্কতা জাৰি কৰিছে আৰক্ষীয়ে৷ সন্দেহজনক এই সন্ত্রাসবাদীবোৰৰ ভৰিৰ খোজৰ চিহ্ণ পোৱা গৈছে বুলি দাবী কৰিছে আৰক্ষীয়ে৷ গতিকে সমগ্র চহৰখনত বিয়পি পৰিছে আতংক৷ স্মর্তব্য যে পাঠানকোটত থকা বায়ুসেনা ঘাটিত ২০১৬ চনৰ ২ জানুৱাৰীত আক্রমণ চলাইছিল চাৰি সন্ত্রাসবাদীয়ে৷ আক্রমণকাৰী চাৰি সন্ত্রাসবাদী নিহত হৈছিল সেনাৰ হাতত৷ আকৌ সেই পাঠানকোটতেই ৭ সন্ত্রাসবাদীৰ অনুপ্রৱেশৰ খবৰ পোৱাৰ লগে লগে সেনা আৰু আৰক্ষীৰ যৌথ বাহিনীয়ে নিশ্ছিদ্র তালাচী অভিযান আৰম্ভ কৰিছে৷ সন্ত্রাসবাদীৰ ছবি প্রকাশো কৰিছে আৰক্ষীয়ে৷ প্রাথমিকভাৱে আৰক্ষীয়ে সদৰী কৰা অনুসৰি ফাংটোলি নামৰ গাঁওখনত সন্দেহজনক অৱস্থাত এই সাতজনক ঘূৰি ফুৰা দেখিবলৈ পাইছিল স্থানীয় লোকসকলে৷ গাঁৱৰ জনসাধাৰণৰ পৰা পানী আনিও খাইছিল সাতোজনে৷ স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে৷ তাৰ পিছতে ফাংটোলি গাঁওসহ সমগ্র পাঠানকোটজুৰি ৰেড এলার্ট জাৰি কৰা হৈছে৷

You might also like