নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত একাধিক ভুল

🔹 দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ

বিশেষ বাৰ্তা, ২৭ জুলাই : পেৰিছ অলিম্পিকৰ আৰম্ভণিতে বিতর্ক৷ উদ্বোধনী অনুষ্ঠানত একাধিক ভুল৷ দেশৰ নাম ভুলকৈ উচ্চাৰণ৷ অলিম্পিকৰ পতাকাও উত্তোলন কৰিলে ওলোটাকৈ৷ অলিম্পিকৰ টর্চ জ্বলোৱাৰ ভুৱা ভিডিঅ’ক লৈও বিতর্কৰ সৃষ্টি হৈছে৷ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ ঘোষিকাগৰাকীয়ে উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ নাম বিভ্রান্ত কৰে৷ দক্ষিণ কোৰিয়াৰ খেলুৱৈসকল নাৱেৰে মূল মঞ্চত উপস্থিত হোৱাৰ লগে লগে ‘ডেম’ক্রেটিক পিপলছ ৰিপাব্লিক অৱ কোৰিয়া’ৰ খেলুৱৈ হিচাপে চিনাকি কৰাই দিয়া হয়৷ যিটো আচলতে উত্তৰ কোৰিয়াৰ চৰকাৰী নাম৷ এই ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে দক্ষিণ কোৰিয়া৷ দক্ষিণ কোৰিয়াৰ হৈ প্রতিবাদ সাব্যস্ত কৰিছে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে৷ এই ভুলৰ বাবে আই অ’ চি কর্তৃপক্ষই ক্ষমা বিচাৰিলে৷ উদ্বোধনী অনুষ্ঠানৰ শেষত অলিম্পিকৰ পতাকা উত্তোলনৰ সময়ত সংঘটিত হয় দ্বিতীয়টো বিতর্কিত ঘটনা৷ ফৰাচী সেনাৰ বিষয়াসকলে পতাকাখন সঠিকভাৱে নোচোৱাকৈ গতাই দিলে৷ উত্তোলনৰ সময়ত অলিম্পিকৰ পতাকা ওলোটাকৈ উত্তোলন কৰা হয়৷ ওপৰত থকা নীলা, ক’লা আৰু ৰঙা আঙঠিবোৰৰ ঠাইত হালধীয়া আৰু সেউজীয়া ৰং হয়৷ এই ঘটনাক লৈও বিতর্কৰ সৃষ্টি হৈছে৷ এই কার্যত লজ্জানত হয় পেৰিছৰ আয়োজকসকল৷ টর্চ জ্বলোৱাৰ ভিডিঅ’ক লৈও বিতর্কৰ সৃষ্টি হয়৷ উদ্বোধনী অনুষ্ঠানত দেখাৰ দৰে ফ্রান্সৰ প্রাক্তন অলিম্পিয়ানসকলে মূল টর্চ জ্বলাই দিয়ে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে পেৰিছৰ এটা গির্জাৰ পৰা প্রযুক্তি ব্যৱহাৰ কৰি মছাল জ্বলোৱা হৈছে৷ অলিম্পিকৰ আয়োজকসকলে এই ভিডিঅ’টো ভুৱা বুলি জানিবলৈ দিয়ে৷

You might also like