নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বোৱেইবৰে বিবাহ বিচ্ছেদ : টেনিছ খেলুৱৈ ছানিয়াক লৈ কি ক’লে মিৰ্জা পৰিয়ালে

বিশেষ বাৰ্তা, ২১ জানুৱাৰী : অৱশেষত শ্বোৱেইব মালিক-ছানিয়া মিৰ্জাৰ বিবাহ বিচ্ছেদক লৈ মুখ খুলিলে টেনিছ তাৰকাগৰাকীৰ পৰিয়ালে। শনিবাৰে পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকৰ তৃতীয় বিবাহৰ খবৰ পোহৰলৈ অহাৰ পিছতো কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল ছানিয়াই। অৱশ্যে আজি শ্বোৱেইবক জীৱনৰ নতুন এক ইনিংছৰ বাবে অভিনন্দন জনাই মিৰ্জা পৰিয়ালে এক বিবৃতিত কয়- ‘ছানিয়াই নিজৰ ব্যক্তিগত জীৱন জনসাধাৰণৰ চকুৰ পৰা লুকুৱাই ৰাখিবলৈ সদায় চেষ্টা কৰি আহিছে। কিন্তু এতিয়া এনে পৰিস্থিতিৰ সৃষ্টি হৈছে, যেতিয়া কথাবোৰ স্পষ্ট নকৰিলে নহ’ব। কেইমাহমান আগতে ছানিয়া আৰু শ্বোৱেইবৰ বিবাহ বিচ্ছেদ হৈছে। ছানিয়াই নতুন জীৱনৰ বাবে শ্বোৱেইবক শুভকামনা জনাইছে।’ বিবৃতিটোত আৰু কোৱা হৈছে- ‘ছানিয়াই জীৱনৰ এক স্পৰ্শকাতৰ সময়ৰ মাজেৰে পাৰ হৈ আহিছে। তেওঁৰ সকলো অনুৰাগী আৰু শুভাকাংক্ষীলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ- কোনোধৰণৰ উৰাবাতৰি যেন প্ৰচাৰ নকৰে। ব্যক্তিগত জীৱনৰ গোপনীয়তাক সন্মান কৰক।’ উল্লেখ্য যে শনিবাৰে পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে শ্বোৱেইবৰ বিবাহ সম্পন্ন হয়।

You might also like