জুনত মহাকাশ-লৈ যাত্রা কৰিব শুভাংশু শুক্লাই
🔹 আইএছএছলৈ লগত লৈ যাব ভাৰতীয় খাদ্য
নিউজ ডেস্ক, ৮ মে’ : আগন্তুক জুন মাহৰ আৰম্ভণিতে আন্তর্জাতিক মহাকাশ আস্থান (আইএছএছ)লৈ যাত্রা কৰিব ভাৰতীয় বায়ুসেনাৰ পাইলট শুভাংশু শুক্লাই৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ মুৰব্বী ভি নাৰায়ণনে এই কথা সদৰী কৰিছে৷ লক্ষণীয়ভাৱে ভাৰতীয় খাদ্য লগত লৈ যাব শুভাংশু শুক্লাই৷ আইএছএছলৈ যাত্রাৰ সময়ত শুভাংশুই মগুৰ হালোৱা, ভাত আৰু আমৰ ৰস লগত লৈ যাব৷ আগন্তুক ২৯ মে’ত এই মহাকাশ যাত্রাৰ কথা আছিল যদিও সেয়া জুন মাহলৈ পিছুৱাই দিয়া হৈছে৷ ৰাকেশ শর্মাই ৪০ বছৰ পূর্বেই ভাৰতীয় হিচাপে মহাকাশলৈ যাত্রা কৰিছিল৷ এইবাৰ শুভাংশুই এই যাত্রা আৰম্ভ কৰিব৷ মার্কিন ধনকুবেৰ এলন মাস্কৰ সংস্থা স্পেচ এক্সৰ দ্বাৰা নির্মিত যানেৰে মহাকাশলৈ যাত্রা কৰিব শুভাংশুৱে৷ ইতিমধ্যে শুভাংশুৱে এই যাত্রাৰ বাবে নিজকে প্রস্তুত কৰি তুলিছে৷