কাইলৈ আবেলি ৩ ক্ৰু সতীৰ্থৰে শুভাংশু শুক্লাৰ মহাকাশ যাত্ৰা, ISROৰ বিবৃতি
১৪ দিন ধৰি চলিব এই অভিযান। ‘এক্সিয়াম-৪’ৰ দলটোত ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰী আছে, যিটো প্ৰতিখন দেশৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰথম অভিযান। ক্ৰুসকলৰ ভিতৰত আছে পেগী হুইটছন, শুভাংশু শুক্লা, স্লাভোজ উজনানস্কি-উইছনিভস্কি আৰু টিবৰ কাপু
কাইলৈ আবেলি ৩ ক্ৰু সতীৰ্থৰে শুভাংশু শুক্লাৰ মহাকাশ যাত্ৰা, ISROৰ বিবৃতি
নিউজ ডেস্ক, ১০ জুন : বেয়া বতৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ এদিনৰ বাবে পিছুৱাই দিয়া হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) নিজৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা পোষ্ট কৰি এই তথ্য প্ৰদান কৰিছে । ইছৰোৱে অধ্যক্ষ ড০ ভি নাৰায়ণনৰ উদ্ধৃতি দি এক্সত লিখিছে, ‘বতৰৰ পৰিস্থিতিৰ বাবে ভাৰতীয় গগনযাত্ৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণৰ বাবে এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ ১০ জুনৰ পৰিৱৰ্তে ১১ জুনলৈ পিছুৱাই দিয়া হৈছে । পৰৱৰ্তী উৎক্ষেপণৰ সময় ১১ জুনত সন্ধিয়া ৫:৩০ বজাত নিৰ্ধাৰণ কৰা হৈছে।’
ভাৰতীয় বায়ুসেনাৰ পাইলট গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা আন তিনিজন ক্ৰু সদস্যৰ সৈতে মহাকাশ অভিযান এক্সিয়াম-৪ৰ অংশ হ’বলৈ সাজু হৈছে, যিটো ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হ’ব। এক্সিয়াম-৪ অভিযানৰ ক্ৰুৱে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিব, য’ত তেওঁলোকে পৰীক্ষাগাৰটোক প্ৰদক্ষিণ কৰি বিজ্ঞান, প্ৰসাৰ আৰু বাণিজ্যিক প্ৰচেষ্টাক কেন্দ্ৰ কৰি অভিযান চলাব । ১০ জুনৰ পুৱা ৮:২২ বজাত আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ এল চি-৩৯এ লঞ্চ পেডৰ পৰা স্পেচএক্স ড্ৰেগন মহাকাশযানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক্সিয়াম-৪ অভিযান প্ৰেৰণ কৰাৰ কথা আছিল। এতিয়া এই উৎক্ষেপণ ১১ জুনত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫:৩০ বজাত হ’ব।
এক্সিয়াম-৪ অভিযানৰ লক্ষ্য হৈছে চাৰিজনীয়া ক্ৰুৰ সৈতে ৬০টা পৰীক্ষা সম্পন্ন কৰা। ইয়াৰে ৭টা পৰীক্ষাৰ পৰিকল্পনা ইছৰোৱে কৰিছে, আনহাতে আন পাঁচটা পৰীক্ষাৰ ভিতৰত এনে পৰীক্ষা আছে য’ত নাছাৰ মানৱ গৱেষণা কাৰ্যসূচীৰ অংশ হিচাপে শুভাংশু শুক্লাই অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি শুক্লাই একেটা কাৰ্যসূচীৰ বাবে নাছাই আয়োজন কৰা পাঁচটা সহযোগিতামূলক অধ্যয়নতো অংশগ্ৰহণ কৰিব। ১৪ দিন ধৰি চলিব এই অভিযান। ‘এক্সিয়াম-৪’ৰ দলটোত ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰী আছে, যিটো প্ৰতিখন দেশৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰথম অভিযান। ক্ৰুসকলৰ ভিতৰত আছে পেগী হুইটছন, শুভাংশু শুক্লা, স্লাভোজ উজনানস্কি-উইছনিভস্কি আৰু টিবৰ কাপু।