ভিআইপিৰ বাহনত নিষিদ্ধ হ’ব ছাইৰেন
🔹 শব্দ প্রদূষণ ৰোধ কৰিবলৈ শীঘ্রে কেন্দ্রৰ পদক্ষেপ
বিশেষ বাৰ্তা, ১৪ আগষ্ট : ৰাজপথেৰে যোৱা ভিআইপি বাহনৰ ছাইৰেনৰ উৎকট শব্দই আপোনাক অতিষ্ঠ কৰে নেকি? আপুনিও ভিআইপি বাহনৰ ছাইৰেনৰ উৎকট শব্দৰ পৰা সৃষ্টি হোৱা শব্দ প্রদূষণ বন্ধ হোৱাটো বিচাৰেনে? যদিহে বিচাৰে তেনেহ’লে এইক্ষেত্রত আপোনাৰ বাবে আছে এটা সুখবৰ৷ ছাইৰেন বজাই ৰাজপথত চলি অহা ভিআইপি সংস্কৃতি বন্ধ কৰিবলৈ শীঘ্রে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিব আন এটা পদক্ষেপ৷ শব্দ প্রদূষণ ৰোধ কৰাৰ স্বার্থত ভিআইপি বাহনৰ ছাইৰেনৰ উৎকট শব্দ বন্ধ কৰিবলৈ কেন্দ্রীয় চৰকাৰে পৰিকল্পনা কৰিছে৷ এই কথা ঘোষণা কৰিছে কেন্দ্রীয় পথ পৰিবহণ ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰিয়ে৷ মহাৰাষ্ট্রৰ পুণেৰ চান্দনী চ’কত শনিবাৰে এটা কার্যসূচীত অংশগ্রহণ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি ভিআইপি বাহনসমূহৰ ছাইৰেনৰ শব্দ ভাৰতীয় বাদ্যযন্ত্রৰ সুললিত শব্দলৈ তেওঁ সলনি কৰিব বিচাৰে৷ এই প্রসংগতে তেওঁ কয়,– ‘ভিআইপি বাহনৰ ছাইৰেনৰ শব্দ বাঁহী, তবলা আৰু শংখৰ শব্দৰ দ্বাৰা সলনি কৰিবলৈ মই এটা নীতি প্রস্তুত কৰি আছোঁ৷ মই শব্দ প্রদূষণৰ পৰা নাগৰিকসকলক সকাহ দিব বিচাৰোঁ৷’ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ভিআইপি সংস্কৃতি বন্ধ কৰিবলৈ ইয়াৰ পূর্বেও কেতবোৰ পদক্ষেপ গ্রহণ কৰিছিল৷ বিশেষকৈ ভিআইপিৰ গাড়ীৰ পৰা ৰঙা লাইট আঁতৰাবলৈ নীতিন গাডকাৰিৰ উদ্যোগতে পদক্ষেপ গ্রহণ কৰা হৈছিল৷ এই পদক্ষেপৰ অংশ হিচাপে ২০১৭ চনৰ ১ মে’ৰ পৰা ভিআইপিৰ বাহনৰ পৰা ৰঙা লাইট আঁতৰোৱা হৈছিল৷ কেৱল মন্ত্রী–আমোলাই নহয়, ৰাষ্ট্রপতি, প্রধানমন্ত্রী আৰু দেশৰ মুখ্য ন্যায়াধীশৰ বাহনৰ পৰাও ৰঙা লাইট আঁতৰোৱা হৈছিল৷ কেৱল অগ্ণিনির্বাপণ সেৱা, আৰক্ষী আৰু সেনাবাহিনীৰ বাহনতহে ৰঙা লাইট ব্যৱহাৰৰ অনুমতি প্রদান কৰা হৈছিল৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ আগলৈকে মন্ত্রী, বিধায়কসকলৰ উপৰি একাংশ উচ্চপদস্থ বিষয়াৰ বাহনত ৰঙা লাইট ব্যৱহাৰৰ সংস্কৃতি দেখা হৈছিল৷ ব্রিটিছ যুগৰে পৰা চলি অহা এই ৰঙা লাইটৰ সংস্কৃতি কেন্দ্রীয় চৰকাৰে বন্ধ কৰিবলৈ লোৱা পদক্ষেপে ৰাইজৰ প্রশংসা লাভ কৰিছিল৷ ৰঙা লাইট আঁতৰিলেও একাংশ মন্ত্রী তথা ভিআইপিৰ বাহনৰ পৰা ছাইৰেন আঁতৰি যোৱা নাছিল৷ এইক্ষেত্রত কিছু সীমাবদ্ধতা অনা হৈছিল যদিও মন্ত্রীকে ধৰি একাংশ উচ্চপদস্থ বিষয়াই ৰাজপথেৰে যাওঁতে ছাইৰেন বজাই যোৱাটো একপ্রকাৰ সংস্কৃতি হৈ পৰিছিল৷ ছাইৰেনৰ এই উৎকট শব্দই বহু নাগৰিকক অতিষ্ঠ কৰি তুলিছিল৷ যাৰ বাবে এই ছাইৰেন সংস্কৃতি বন্ধ হ’ব লাগে বুলিও দাবী উত্থাপিত হৈ আহিছে৷ ইয়াৰ মাজতে আজি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কৰা ঘোষণাই স্বাভাৱিকতে দেশত শব্দ প্রদূষণ কৰা ছাইৰেনৰ শব্দ বন্ধ হোৱাৰ পথ মুকলি কৰিলে৷ যদিহে শীঘ্রে কেন্দ্রীয় চৰকাৰে এই পদক্ষেপ গ্রহণ কৰে, তেনেহ’লে ৰাজপথত আৰু শুনা নাযাব ছাইৰেনৰ উৎকট শব্দ৷ ইয়াৰ বিপৰীতে হয়তো কোনো মন্ত্রী–আমোলা গ’লে ৰাজপথত উৎকট শব্দৰ সলনি হঠাৎ বাঁহী, তবলা অথবা শংখৰ সুললিত ধ্বনিহে শুনিবলৈ পোৱা যাব৷ এই প্রসংগ উত্থাপন কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ভাষণ প্রসংগতে কয়,– ‘শব্দ প্রদূষণ নিয়ন্ত্রণ কৰাটো অত্যন্ত গুৰুত্বপূর্ণ৷ ভিআইপিৰ বাহনত ইতিপূর্বে ৰঙা লাইট বন্ধ কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য৷ এইবাৰ ভিআইপি বাহনৰ ছাইৰেন বন্ধ কৰাৰ পৰিকল্পনা কৰা হৈছে৷’’