নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভনীয়েকক ধৰ্ষণ, পিছত পিতৃৰ সহযোগত হত্যা, পিতা-পুত্ৰক শাস্তি, এক কোটি টকাৰ জৰিমনা

নিউজ ডেস্ক, ২৫ মাৰ্চঃ পাকিস্তানৰ আদালতে এবছৰৰ ভিতৰত হত্যাৰ গোচৰ নিষ্পত্তি কৰি দুজন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ইয়াত এগৰাকী মহিলাক হত্যা কৰাৰ অপৰাধত পিতৃ আৰু ভাতৃক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। লগতে দুয়োজনৰ ওপৰত ১ কোটি টকাকৈ জৰিমনা বিহা হৈছে। মহিলাগৰাকীক হত্যা কৰি গোপনে সমাধিস্থ কৰে যদিও ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে মৃতদেহটো কবৰৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষা কৰা হয়।

লগতে দেওবৰীয়া পৰিপুৰিকা সুকন্যাও পঢ়ক

দ্য ড’নৰ প্ৰতিবেদন অনুসৰি, চেচনছ ক’ৰ্টৰ ন্যায়াধীশে মহম্মদ ফৈছাল আৰু আব্দুল সত্তাক পাকিস্তান দণ্ডবিধিৰ ধাৰা ৩০২(খ)ৰ অধীনত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। মৃত্যুৰ আগলৈকে ফাঁচি দিব লাগে বুলি আদালতে কয়। ন্যায়াধীশগৰাকীয়ে দুয়োৰে ওপৰত এক কোটি টকাকৈ জৰিমনা বিহিছে, যিটো তেওঁলোকৰ মাটিৰ পৰা ৰাজহ হিচাপে আদায় কৰা হ’ব।

আদালতে নিজৰ সিদ্ধান্তত কয় যে প্ৰথমে দুয়োকে ছমাহৰ বাবে জেললৈ প্ৰেৰণ কৰা হ’ব। তাৰ পিছত তেওঁলোকক জিলা কাৰাগাৰলৈ বদলি কৰা হ’ব আৰু ইয়াৰ পিছত মৃত্যুদণ্ড নিশ্চিত কৰাৰ বাবে গোচৰটো লাহোৰ উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা হ’ব। অৱশেষত আদালতে কয় যে দোষীসকলে ৩০ দিনৰ ভিতৰত এই শাস্তিৰ বিৰুদ্ধে আবেদন কৰিব পাৰিব।

কিন্তু ঘটনাটো কি?
এই গোচৰটো টোবা টেক সিঙৰ ৪৭৭ নং জে বি আল’লৰ সৈতে জড়িত। ২০২৪ চনৰ ২৮ মাৰ্চত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে এই বিষয় পোহৰলৈ আহে। এই ভিডিঅ’টোত সমগ্ৰ দেশ ক্ষুব্ধ হৈ পৰিল। প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ ১৭ মাৰ্চত মাৰিয়া বিবিক ডিঙি চেপি হত্যা কৰিছিল পিতৃ আব্দুল ছাত্তাৰ আৰু ভাতৃ ফৈছালে। প্ৰথম অৱস্থাত ফৈছালে আৰক্ষীক দিয়া বক্তব্যত কৈছিল যে তেওঁ নিজৰ ভনীয়েকক ধৰ্ষণ কৰিছিল আৰু এই অনাচাৰ সম্পৰ্ক লুকুৱাই ৰাখিবলৈ আৰু পৰিয়ালটোৰ সন্মান ৰক্ষা কৰিবলৈ মাৰিয়া বিবিক হত্যা কৰিছিল, য’ত তেওঁৰ পিতৃয়েও তেওঁক সমৰ্থন কৰিছিল। কিন্তু মৰণোত্তৰ পৰীক্ষাত ধৰ্ষণ বা মাৰিয়াৰ সৈতে গৰ্ভধাৰণৰ কোনো প্ৰমাণ পোৱা নগ’ল।

গাজাৰ যুদ্ধত নিহতৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি

হত্যাকাণ্ডৰ পিছত পৰিয়ালটোৱে মনে মনে মাৰিয়াৰ মৃতদেহ সমাধিস্থ কৰে যদিও সমগ্ৰ ঘটনাটো গোপনে কেমেৰাত বন্দী কৰে মাৰিয়াৰ আনজন ভাতৃ শ্বাহবাজে। অৱশ্যে হত্যাকাণ্ডৰ বিষয়ে কোনো তথ্য প্ৰকাশ নকৰাৰ বাবে আৰক্ষীয়ে শ্বাহবাজ আৰু তেওঁৰ পত্নী চুমাইৰাক গ্ৰেপ্তাৰ কৰে। শ্বাহবাজ আৰু চুমাইৰাই আৰক্ষীক জনাইছিল যে মাৰিয়াই ঘটনাৰ এদিন আগতে তেওঁলোকক কৈছিল যে তাইৰ পিতৃ আৰু ভাতৃয়ে তাইক ধৰ্ষণ কৰিছিল। অৱশ্যে আদালতে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ বাদ দিছে।

You might also like