কাগজ–কলম লোৱা লোকে মোৰ অৱসৰৰ সিদ্ধান্ত ল’ব নোৱাৰে
🔹 টেষ্ট ক্রিকেটৰ পৰা অৱসৰক লৈ বিতর্ক
🔹 নীৰৱতা ভংগ অধিনায়ক ৰোহিত শর্মাৰ
নিউজ ডেস্ক, ৫ জানুৱাৰী : ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত চলা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ পঞ্চম তথা নির্ণায়ক টেষ্টখন শুকুৰবাৰৰ পৰা ছিডনী ক্রিকেট গ্রাডণ্ডত অনুষ্ঠিত হয়৷ টেষ্টখনৰ কালি দ্বিতীয় দিনা ভোজন বিৰতিৰ সময়ত ভাৰতীয় টেষ্ট দলটোৰ অধিনায়ক ৰোহিত শর্মাই এক ডাঙৰ ঘোষণা কৰে৷ টেষ্টখনৰ মূল একাদশত অন্তর্ভুক্ত নোহোৱা আৰু তেওঁৰ টেষ্টৰ পৰা অৱসৰ লোৱা সন্দর্ভত যি চর্চা চলি আছে, সেই বিষয়ে ৰোহিতে নীৰৱতা ভংগ কৰি পোনপটীয়া সম্প্রচাৰত এক বৃহৎ ঘোষণা কৰে৷ ভোজন বিৰতিৰ সময়ত ৰোহিত শর্মাই ষ্টাৰ স্প’ৰ্টছৰ সৈতে এক বিশেষ বার্তালাপ কৰে৷ তাত বিগত কেইবাদিনো ধৰি তেওঁ টেষ্ট ক্রিকেটৰ পৰা অৱসৰ গ্রহণৰ বাতৰি ব্যাপকভাৱে বিয়পি পৰাৰ খবৰ অস্বীকাৰ কৰি কয় যে তেওঁ এতিয়াই টেষ্ট ক্রিকেটৰ পৰা অৱসৰ নলয়৷ তেওঁ কয়- ‘মই অৱসৰ ল’বলৈ যোৱা নাই, কেৱল দলটোৰ প্রয়োজনীয়তাৰ বাবেহে মই দলৰ বাহিৰত বহি আছোঁ৷’ দলৰ পৰা বাদ দিয়া সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত ৰোহিত শর্মাই কয়- ‘সেয়া একো নহয়, মই নিজে স্থান এৰি দিছিলোঁ৷ মই নির্বাচক আৰু প্রশিক্ষকক কৈছিলোঁ যে মোৰ বেটৰ পৰা ৰান অহা নাই, সেয়েহে মই নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছিলোঁ৷’ ৰোহিতে কয়, ‘এতিয়া ৰান অহা নাই, কিন্তু ৫ মাহৰ পিছতো যে ৰান নাহিব সেয়াতো গেৰাণ্টী দি ক’ব নোৱাৰি৷ মই কঠোৰ পৰিশ্রম কৰিম৷’ আনহাতে, সংবাদ মাধ্যমৰ বাতৰি খাৰিজ কৰি টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে কয়, ‘বাহিৰৰ যিসকল লোকে লেপটপ, কলম আৰু কাগজ–পত্র লৈ বহি আছে তেওঁলোকে এইটো সিদ্ধান্ত নলয় যে মই কেতিয়া অৱসৰ গ্রহণ কৰিম বা নকৰিম৷ সিদ্ধান্ত ময়ে ল’ব লাগিব৷ গতিকে তেওঁলোকে মোৰ অৱসৰৰ বিষয়ে সিদ্ধান্ত ল’ব নোৱাৰে৷’ উল্লেখ্য যে টেষ্ট ক্রিকেটত ধাৰাবাহিক ব্যর্থতাৰ বাবে ৰোহিত শর্মাই টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ল’ব লাগে বুলি কেইবাগৰাকীও প্রাক্তন ক্রিকেটাৰে মন্তব্য আগবঢ়াইছে৷ টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে এইবাৰৰ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীৰ তিনিখন টেষ্টত মাত্র ৩১ ৰানহে কৰিছে৷