সংজ্ঞা হেৰুৱাই ঢলি পৰিল শ্ল’ভাকিয়াৰ মহিলা সাঁতোৰবিদ
🔹 অলিম্পিকলৈ উভতি আহিল ইউৰ’ৰ এৰিকছনৰ স্মৃতি
নিউজ ডেস্ক, ৪ আগষ্ট : বিভিন্ন বিতর্কত পেৰিছ অলিম্পিক৷ এইবাৰ পেৰিছ অলিম্পিকলৈ উভতি আহিল তিনি বছৰ আগৰ ইউৰো কাপৰ স্মৃতি৷ ডেনমার্কৰ ফুটবলাৰ ক্রিষ্টিয়ান এৰিকছনৰ দৰে সংজ্ঞা হেৰুৱালে শ্ল’ভাকিয়াৰ এগৰাকী সাঁতোৰবিদে৷ ঘটনাটো সংঘটিত হয় মহিলাৰ ২০০ মিটাৰ সাঁতোৰৰ হিটছত৷ সাঁতোৰ শেষ হোৱাৰ পিছত হঠাতে অসুস্থ হৈ পৰে শ্ল’ভাকিয়াৰ মহিলা সাঁতোৰবিদ তামাৰা পোটোকা৷ লগে লগে তেওঁ জ্ঞান হেৰুৱাই মাটিত বাগৰি পৰে৷ সম্প্রতি খেলুৱৈগৰাকীক চিকিৎসকৰ পর্যবেক্ষণত ৰখা হৈছে৷ অসুস্থ হোৱাৰ পূর্বে পেৰিছৰ লা ডিফেন্স এৰিনাত ২০০ মিটাৰৰ সাঁতোৰ সম্পূর্ণ কৰে তেওঁ৷ সপ্তম স্থান লাভ কৰাৰ বাবে সাঁতোৰবিদগৰাকীয়ে ছেমিফাইনেলত প্রৱেশ কৰিব নোৱাৰিলে৷ তেওঁ ২ মিনিট ১৪.২০ ছেকেণ্ডত সাঁতোৰ সম্পন্ন কৰে৷ অৱশ্যে ইয়াৰ পাছতে সংজ্ঞা হেৰুৱাই পেলায় তামাৰাই৷ ইয়াৰ পাছতে তেওঁক অক্সিজেন মাস্ক পিন্ধাই চিকিৎসালয়লৈ নিয়া হয়৷ এই দৃশ্য দেখি বহুতৰে মনত পৰিছে ২০২১ৰ ইউৰো কাপৰ কথা৷ য’ত খেলপথাৰতে সংজ্ঞা হেৰুৱাইছিল ফুটবলাৰ এৰিকছনে৷