নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ শিক্ষার্থী অসুস্থ : শিক্ষানুষ্ঠানৰ কেণ্টিনৰ খাদ্যত ওলাল সাপ

বিশেষ বাৰ্তা, ১৭ জুন : বিহাৰৰ এখন অভিযান্ত্রিক মহাবিদ্যালয়ৰ কেণ্টিনৰ খাদ্যত ওলাল সাপ৷ এই খাদ্য ভক্ষণ কৰি কমপক্ষেও ১১গৰাকী শিক্ষার্থী অসুস্থ হৈ পৰিছে৷ এই শিক্ষার্থীসকলক হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷ ইতিমধ্যে মহাবিদ্যালয়ৰ কেণ্টিনৰ খাদ্যত মৃত সাপ ওলোৱা ছবি তথা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ এই খাদ্য গ্রহণ কৰাৰ পিছতে ১১গৰাকী শিক্ষার্থীৰ উদৰপীড়া আৰু বমি আৰম্ভ হয়৷ লগে লগে হাস্পতাললৈ প্রেৰণ কৰা হয় অসুস্থ শিক্ষার্থীসকলক৷ বিহাৰৰ বাংকাৰ অভিযান্ত্রিক মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা৷ এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ অসুস্থ শিক্ষার্থীসকল বিপদমুক্ত বুলি হাস্পতালৰ সূত্রই সদৰী কৰিছে৷ ইফালে, মহাবিদ্যালয় কর্তৃপক্ষই কেণ্টিনত এনে ঘটনা সংঘটিত হোৱাৰ পিছতে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ তাৎক্ষণিকভাৱে কেণ্টিনৰ খাদ্য বিক্রেতা সলনি কৰাৰ উপৰি অভিযুক্তক জৰিমনাও বিহিছে মহাবিদ্যালয় কর্তৃপক্ষই৷ ইয়াৰ উপৰি প্রতিদিনে শিক্ষার্থীসকলৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষক–শিক্ষয়িত্রীসকলক একেলগে খাদ্য দিবলৈ নির্দেশ দিয়া হৈছে৷ অর্থাৎ নতুন খাদ্য বিক্রেতালৈ কঠোৰ নির্দেশ দিছে মহাবিদ্যালয় কর্তৃপক্ষই৷ স্মর্তব্য যে ইয়াৰ দুদিন পূর্বে মুম্বাইৰ এগৰাকী চিকিৎসকে নামী কোম্পানীৰ আইচক্রীম অর্ডাৰ কৰি আইচক্রীমৰ ভিতৰত মানুহৰ কটা আঙুলি এটা পোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছিল৷

You might also like