সৌৰ ধুমুহাই ধ্বংস কৰিব পাৰে ডিজিটেল ব্যৱস্থা
বিশেষ বাৰ্তা, ১৪ জুলাই : সূর্যপৃষ্ঠত প্রচণ্ড ধুমুহাৰ সৃষ্টি হৈছে৷ বিজ্ঞানীসকলৰ মতে, আগন্তুক দুবছৰত এই ধুমুহাৰ তীব্রতা আৰু বাঢ়িব৷ কাৰণ সৌৰ চক্রৰ আটাইতকৈ কঠিন সময় আহি আছে৷ ২০২৫ চনত ‘ছোলাৰ মেক্সিমাম’ পর্যায়ত উপনীত হ’ব সূর্য৷ ১১ বছৰৰ সৌৰ চক্রৰ এই সময়ছোৱাত বেছি সক্রিয় হৈ উঠে সূর্যপৃষ্ঠ৷ ২০২৪ৰ পৰাই ধুমুহাৰ প্রকোপ বৃদ্ধি পাব সূর্যত৷ বিজ্ঞানীসকলে আশংকা কৰা অনুসৰি, এই ধুমুহাৰ ফল ভুগিব লাগিব সৌৰ পৰিয়ালৰ অধিবাসী পৃথিৱীয়ে৷ সম্পূর্ণৰূপে ভাঙি পৰিব পাৰে ডিজিটেল দুনীয়া আৰু পৃথিৱীৰ আধুনিক যোগাযোগ ব্যৱস্থা৷ ইণ্টাৰনেট অবিহনে এতিয়া অচল এই পৃথিৱী৷ মহাকাশ বিজ্ঞানীসকলৰ মতে, সৌৰ ধুমুহাৰ তাণ্ডৱত সম্পূর্ণ নিষ্ক্রিয় হৈ পৰিব পাৰে ইণ্টাৰনেট সেৱা৷ আটাইতকৈ উদ্বেগৰ বিষয়টো হৈছে যে আসন্ন বিপদৰ মোকাবিলা কৰিবলৈ কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে দুটা শব্দ– ‘ইণ্টাৰনেট এপোকেলিপছ’৷ ভুৱা খবৰ যাতে বিয়পি নপৰে, তাৰ বাবে ইণ্টাৰনেট ব্যৱহাৰকাৰীক সতর্ক কৰিছে মহাকাশ গৱেষণা সংস্থা নাছাই৷